মই পাগল
সকলোৱে কয়।
কিন্তু
কিন্তু কিয় ?
মই নাজানোঁ।
জানিবলৈ চেষ্টাও নকৰোঁ
কৰিম নো কিয় ?
মই জানোঁ ,
মই কি ?
বেলেগে মোক কি ভাৱে মোক নো কিয় লাগে ?
মোক টো সিহঁতে খুওৱা নাই।
এইজন মই হে ,
বেলেগৰ এনেকুৱা কথা বিলাক ভাবিবৰ মোৰ সময় নাই ।
অ' মোৰ সময় নাই ।
মোৰো এটি ভৱিষ্যত আছে।
মানিছোঁ ,
মানিছোঁ ডাঙৰ মানুহ হ'ব নোৱাৰিব পাৰোঁ।
অফিচাৰ হ'ব নোৱাৰিব পাৰোঁ ,
হ'লেও টো
মই-ও টো এজন মানুহ
মোৰো অনুভৱ আছে ,
মোৰো আত্মসন্মান আছে,
মোৰো সপোন আছে।
ডাঙৰ হ'ম ,
মানুহৰ সুখ-দুখ অনুভৱ কৰিম ,
সহায় কৰিম
টক-পইছা নহ'ব পাৰে
হ'লেও চেষ্টা কৰিম।
ধুনীয়া মাত এষাৰ টো দিম।
নহও মুখা পিন্ধা ভদ্ৰ।
যি কম সঁচা কম
সেই ডাঙৰ মানুহবোৰৰ দৰে বাহিৰে ভাল ,
ভিতৰে বেয়া নহও।
পাগল
হেহ্:
মানুহে পাগল বুলি কয় মোক ,
অ' পাগল।
◾আকাশ দৈমাৰী
শোণিতপুৰ (অসম)
অতি সুন্দৰ
ReplyDeleteNice vai
ReplyDeleteNice vai
ReplyDeleteসুন্দৰ
ReplyDelete