চহৰখনে ৰাতি নুশুৱে কিয়? - অনামিকা দাস

©Admin
0
কোলাহল ভৰা নিশাটিত
খিৰিকীমুখত ৰৈ চালো ,
তেতিয়া দোভাগ ৰাতি।
নিদ্ৰাহীন চকুযোৰত 
মোৰ একেটাই প্ৰশ্ন-
চহৰখনে ৰাতি নুশুৱে কিয়?

দূৰনিত ট্ৰেইনখন অহাৰ শব্দ শুনিছো।
ঝক-ঝক-ঝক .....
মোৰ বুকুৰ ভিতৰতো শুনিছো
আৰু এখন ট্ৰেইনৰ শব্দ।
ঢপ-ঢপ-ঢপ....

সৌৱা জোনাকৰ পোহৰত প্ৰস্ফুটিত হৈ পৰিছে ,
বহল আলিবাটতো।
যেন বাৰিষাৰ পথাৰৰ মৈ দিয়া 
মাটিডৰাহে।

অহৰহ গৈয়েই থকা গাড়ীবোৰ।
জিৰনি নাইকিয়া চালকবোৰ 
কেৱল গৈয়ে আছে ....
গৈয়ে আছে ।

খিৰিকীমুখত ৰৈ ম‌ই ভাবিছো ,
কেৱল ভাবিছো।
চহৰখনে ৰাতি নুশুৱে কিয়?

কাৰ দুচকুত টোপনি ভাঙিবলৈ গাড়ীবোৰৰএই যাত্ৰা?
কাৰ কৰ্ণ কুহৰত আঘাত লগাকৈ এই হৰ্ণবোৰৰ ইমান শব্দ।
পপ- পপ, পিপ-পিপ,পিইইইপ।

চহৰখনে শুৱা নাই 
সৌৱা ট টকৈ জ্বলি আছে 
ষ্ট্ৰীট লাইটকেইটা।

ড্ৰীম লাইটৰ পোহৰত আধা
 পোহৰ আধা এন্ধাৰ মোৰ কোঠা।

হেলজেনৰ পোহৰ নতুবা চ'লাৰৰ পাৱাৰত মাথো উজ্বলি আছে চহৰখন।

নৈ খনে জানো শুইছে?
মোৰ জানিব মন গৈছে।
চহৰখনৰ বুকুতে লাগি থকা নৈখন।
নিজানে,নিতালে বাৰু শুইছেনে এই দোভাগ নিশা ?

বুকুতে লৈ কংক্ৰিটৰ দলংখন
নৈখনে বাৰু শুৱেনো কিদৰে?

তেনেহলে শুইছেনো কোনে?
ম‌ইওটো সাৰে আছো।
যিদৰে সাৰে আছে চহৰখন।
চহৰখনে শুৱানাই।
নৈখনেও শুৱানাই।
জাগি থকাৰ স্পৃহা?
নে সাৰে থকাৰ বাসনা?
নে জীৱন যুঁজৰ তাড়না?

একেটাই মনত প্ৰশ্ন।
চহৰখনে ৰাতি নুশুৱে কিয়?

◾অনামিকা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)