নীলা খামৰ চিঠি - ৰুণু দেৱী শৰ্মা

©Admin
0

মৰমৰ আকাশ 

মৰম আৰু শ্ৰদ্ধা জনালো। তুমি কেনে আছা? সম্ভৱ ভালে কুশলেই আছা নিশ্চয়। তুমি য'তে আছা ভগৱানে সুখতে ৰাখক। তুমি হঠাতে যেতিয়া মোক এৰি যোৱা বুলি গম পালো তেতিয়াই মোৰ মূৰত যেন সৰগখন ভাগি পৰিল। ভবা নাছিলো যে তুমি কোনোবাদিন মোক অকলশৰীয়া কৰি এৰি থৈ যাবা বুলি , কাৰণ মইযে তোমাক এৰি অকলশৰীয়া জীৱন কটাব লাগিব বুলি কাহানিও সপোনটো কল্পনা কৰিব পৰা নাছিলো, আৰু তুমিও নোৱাৰিছিলা মোক এৰি ‌থাকিব, কাৰণ বিয়া হোৱাৰ দিন ধৰি আমি দুয়ো কাহানিও এৰাএৰি হোৱা নাছিলো। তুমি মোক অকনো নুবুজিলা আৰু বুজিবৰ চেষ্টাও নকৰিলা। জানা তোমাক মইঅন্তঃকৰণেৰে ভাল পাইছিলো, তোমাৰ সুখৰ বাবেই মই যৎপৰোনাস্তি চেষ্টা কৰিছিলো। তোমাৰ বাহিৰে মই আৰু মোৰ অন্তৰত কাকো ঠাই দিয়া নাছিলো আৰু আজিও নিদিওঁ। এতিয়া তুমি কেনে আছা বাৰু আকাশ? 
আচলতে মই বৰ জেদী আৰু অভিমানী‌ আছিলো , তুমিওটো কম নাছিলা ! আকাশ তুমি এতিয়া কেনে
আছা আৰু ক'ত আছা বাৰু? তুমি বাৰু ভাবানে মোৰ কথা? 
আকাশ, তুমি মোক এৰি যোৱাৰে পৰা এই নটা বছৰে মই কেনেকুৱা সংঘাত লৈ ফুৰিছো 
তুমিতো নাজানা! মোৰ এই দুখৰ কথা বুজিব কোনে? আজি অতবছৰে মই নিঃসঙ্গতাত ভুগি আছো জানা! ছোৱালী তিনিজনীক লৈ মই কেনেকৈ দিন পাৰ কৰিছো তাক তুমি কি বুজিবা? 
এজনী কিবাকৈ বিয়া দিলো, বাকী দুজনীক লৈও বহুত সমস্যা হৈ আছে। সিহঁত দুজনীয়ে B Com আৰু M.com পাছ কৰি দুয়ো দুখন প্ৰাইভেট হাইস্কুলত সোমাই আছে। এতিয়া অলপ চকু মেলিব পৰা হৈছো। ডাঙৰ জনীক বিয়া দিলো এজন মাষ্টৰ ল'ৰা পাই। 
মোৰ বৰ্তমান শাৰীৰিক অৱস্থা বহুত বেয়া। মানসিক অৱস্থাটোৰ কথাটো বুজিছাই নিশ্চয়। 

নিঃসঙ্গ সন্ধিয়া যেতিয়া চৰাইবোৰে বাহলৈ ঘুৰি আহে তেতিয়া তোমালৈ বৰ মনত পৰে জানা। সন্ধিয়া চাকিগছি জ্বলাই নেদেখাজনক সদায় কাকুতি কৰো মোক যাতে সোনকালে আৰোগ্য কৰি দিয়ে আৰু সমাজত মুৰ দাঙি কথা ক'বলৈ আৰু থাকিবলৈ শক্তি দিয়ে। ৰাতি ছোৱালী জনী
টোপনি যোৱাৰ পিছত সেই সময়খিনিত তোমালৈ
বৰ মনত পৰে জানা! তোমাৰ -মোৰ সাতোৰঙী সপোনবোৰে মোক বহুত আমনি কৰে জানা! 
জানা আকাশ, তোমাৰ আধাৰুৱা কামবোৰ মই পূৰা কৰিছো! তুমি এদিন চাই যাবাহি তোমাৰ বাটৰ পৰা , তুমি কৰিব নোৱাৰা কামবোৰ মই পূৰা কৰিবলৈ চেষ্টা কৰি আছো। আজিলৈ
ইমানতে সামৰণি মাৰিলো আকাশ! তুমি য'তে আছা শান্তিত আৰু সুখত থাকা তাৰেই কামনাৰে 
আজিলৈ আহোঁ। 
   
             ইতি তোমাৰেই
                       নীলাঞ্জনা।

◾ৰুণু দেৱী শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)