ল'ৰালিৰ কামনাৰে -সম্ৰাট সাহা

©Admin
0
ও ল'ৰালি ক'ত আজি ত‌ই ?
তোৰ প্ৰশংসা চলি আছে
প্ৰতিটো ঘৰৰ ডেকাৰ মুখত-
চলি আছে অতীত মন্থন।
চলি আছে সেই গৰম দিনৰ 
ৰ'দ প্ৰতিফলিত তৰঙ্গিনীৰ
শীতল কোলাত ঢলি পৰাৰ কথা ,
যেতিয়া ভাহি গৈছিলো চিন্তা মুক্ত 
জীৱনৰ হাতত হাত ৰাখি।
ৰামধেনুৰ কাহিনী ৰচিবলৈ ধৰিছিলো
প্ৰত্যেকটো কুসুমৰ ৰ‍ং বুটলি।
সন্ধিয়াৰ বৰষূণে চোতাল
মেকংৰ ৰূপ ধাৰণ কৰিছিল
আৰু আমি ?
আমি বোৰ তুলাপাতৰ নাও মেলি
আনন্দ বিনোদনৰ আৰম্ভ কৰিছিলোঁ যুদ্ধ ।
সপোন আছিলে তেতিয়া-
বয়সত পূৰ্ণতা লাভ কৰিলে
পূৰ্ণতা পাব জীৱনৰ আনন্দ।
ক্ষোভ‌ও অলপ আছিল
ডাঙৰ হ'লে সকলো বাধা নেওচি
উৰি যাম গৈ মাক বাপেকৰ শাসনৰ উৰ্ধত।
ভুল ধাৰণা লৈ আশা সজ্জিত কৰিছিলোঁ ,
তাৰেই উপলব্ধিত হাঁহি হাবিয়াস কৰিছোঁ এতিয়া।
আজি সেই সপোন সফল
কিন্তু সেই প্ৰতিটো আশা, ইচ্ছা বিফল ।
আকৌ কামনা 
ল'ৰালিৰ জগতত উভতি যোৱাৰ,
উৰি গৈ সেই সোনালী 
নদীৰ বুকু ভেদ কৰি 
সাতুৰি সকলো চিন্তাৰ,
সকলো হতাশাৰ , 
সকলো স্বাৰ্থৰ
গভীৰতা পাৰ কৰাৰ।

কবি - সম্ৰাট সাহা
গাওঁ- দোতমা
মোবাইল নম্বৰ ৭০০২৫১২৪৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)