ঘড়ীৰ আৱদ্ধ কাঁটাকেইডালত ,
মহাসিন্ধুত বিলীন হয়
সময়ৰ মায়াজালত।
পাৰৰ চিক্-মিক্ কেঁচা বালিত
কঁহুৱাৰ উন্মাদ নৃত্য,
বাৰিষা মেঘৰ মাদল বাজিলে
নৈপৰীয়াৰ নয়ন অশ্ৰুসিক্ত।
নীলিম দুপাৰৰ শ্যামল বুকুত
ইতিহাস ৰচিছে সভ্যতা- সংস্কৃতিৰ ,
আৱহমান কালৰ পৰা চিৰপ্ৰৱাহিত
অনিৰুদ্ধ সেই গতি নদীৰ।
উটুৱাই লৈ যায় মনৰ মলিনতা
উজানৰ গভীৰ সোঁতত,
ভটিয়নীৰ কোবত সাজে কত দ্বীপ
উত্তাল মহাসিন্ধুৰ বুকুত।
যৌৱনৰ উন্মুক্ত ঢৌৱে আনে
হেমন্তৰ শীতল সুবাস,
মহাবেগী আহাৰত কলকল কোলাহলত
উঠে- নামে ঘোলাপানীৰ পাক।
নদীৰ প্লাৱনত উৰ্বৰা পথাৰ
বুকুত কৃষ্টিৰ সুঠাম শইচ,
শান্ত পানীত ভেঁট-পদুমৰ সৌন্দর্য
জলচৰে কৰে মৌন ৰং- ৰহইচ।
শৰতৰ নিস্তব্ধতাৰ সুৰত
বৈ যায় প্ৰেমৰ ৰাগিনী,
সাতোৰঙী ছন্দেৰে পাহাৰ ভেদী আহে
সম্প্ৰীতিৰ নীলিম সেউজ নদী।
✍🏻পল্লৱ ৰায়,বিশ্বনাথ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ