মোৰ মন ফুলনিত তুমি-পিংকী বৰা

নাজানো ক'ত কেনেকৈ তোমাক দেখা পাই ভাল লাগিল
কিন্তু মোৰ হৃদয়ৰ কোণত এতিয়া মাথোঁ তুমি ,
ৰঙা গোলাপ পাহিও যেন এতিয়া তোমাৰ নামত
লগ পালে কম মনৰ কথাটি
মোৰ মন ফুলনিত মাথোঁ তুমি !! 

হাজাৰ সপোন দেখিছোঁ 
মাথোঁ তোমাৰ নামত ,
আহিবানে কোৱা ?
মোৰ মন ফুলনিত তুমি ৰাণী জনী হ'বলৈ 
নাহিলেও নকৰোঁ জোৰ ,
সদায় তোমাক জীয়াই ৰাখিম মোৰ হিয়াৰ কোণত ।
জনম জনমলৈ বুলি !!

     ◾ পিংকী বৰা 

Post a Comment

Previous Post Next Post