সাধাৰণতে গল্প-উপন্যাস জাতীয় গ্ৰন্থ বিলাক এটা বা দুটা বহাতে পঢ়ি শেষ কৰা "মই" টোৱে প্ৰথম বাৰৰ বাবে এখন উপন্যাস পঢ়ি শেষ হোৱাৰ ভয়ত খণ্ড খণ্ড কৈ প্ৰতিটো শব্দ,বাক্য, পৃষ্ঠা,ঘটনাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ আমেজ লৈ কেইবাদিনৰ মূৰতহে শেষ কৰিছিলো। প্ৰায় বোৰ মুৰ্হূত্বতে চকু সেমেকাই তোলা বাস্তৱিক ঘটনাৰ অপূৰ্ব উপস্থাপন শৈলীৰে বান্ধি ৰখা এই গ্ৰন্থ খনেই আছিল স্বনামধন্য লিখক মৃণাল কলিতা দেৱৰ "বকুল ফুলৰ দৰে"।
"বকুল ফুলৰ দৰে" গ্ৰন্থ খন কেৱল মাত্ৰ এখন উপন্যাস নহয়, ই বাস্তৱৰ সত্য, সঠিক আৰু সাহসী উপস্থাপন য'ত শিক্ষকতাৰ বৃত্তিটোক নিচা হিচাপে লোৱা তথা হাঁড়ে-হিমজুৰে ভাল পোৱা প্ৰতিজন লোকেই নিজক বিচাৰি পায়।আমাৰ শিক্ষা ব্যৱস্থাৰ বাস্তৱিক ছবিখন য'ত চিন্তাৰ, কৰ্মৰ এক ধনাত্মক পৰিৱৰ্তন অনাৰ অত্যন্ত প্ৰয়োজন আছে লিখকে সেই কথাখিনি সুন্দৰ কৈ দাঙি ধৰিবলৈ সক্ষম হৈছে।
গ্ৰন্থ খনৰ প্ৰায় বোৰ অংশতে নিজক বিচাৰি পোৱাৰ সুযোগ পাইছিলো আৰু উপলব্ধি কৰিছিলো (নিজস্ব অভিজ্ঞতাও আছে বাৰু) যে লিখকে উপস্থাপন কৰা প্ৰতিটো দিশ আমাৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানতে দেখিবলৈ পোৱা যায়।
সমাজৰ সকলো স্তৰৰ লোকেই গ্ৰন্থ খন পঢ়াতো অত্যন্ত প্ৰয়োজন বুলি ভাবো। আহকচোন গ্ৰন্থ খন পঢ়ো আৰু সকলোৱে মিলি এক ধনাত্মক পৰিবেশ গঢ়াৰ যত্ন কৰো।
◾ৰঞ্জন শইকীয়া
9864869108
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ