স্বাধীনতাৰ মুকুট পিন্ধি কিমান আগুৱালি।
আই মাতৃৰ সুৰক্ষাৰ হেতু
নিৰৱে বুকু পাতি দিলি,
নে
ক্ষমতাশালী ধনীৰাম হ'বৰ হেতু
সমাজখনক লুটি - পুটি খালি।
ইদিন সিদিন কৰি
বয়স হ'ল বুজন,
ফাঁকি ফাঁকি ফাঁকিতেই
কোনে কিমান গোটালি মান- ধন - জন।
সাতচল্লিচৰ সোনৰ সপোন
কিমান হ'ল দিঠক,
শ্বহীদৰ ত্যাগৰ মূল্য
কিমান হ'ল সাৰ্থক।
কি বাৰু আশা আছিল কুৰি শতিকাৰ,
মূখা পিন্ধা দানৱৰ অনিয়ম অবিচাৰ।
পঢ়া শুনা সংস্কৃতি হ'ব নেকি অসাৰ।
সকলোবোৰ তুলাচনীত তুলি
আজি আগুৱাই যাওঁ আমি
হাতে হাত ধৰি নিজৰ মাজৰ
কপটীয়া অমূলক ভাৱ পাহৰি
দিঠকত হীৰা বুটলি বুটলি।
◾পাপু শইকীয়া
চিনাতলী (গোলাঘাট)
ধন্যবাদ
ReplyDelete