১৯৪৭ চনৰ ১৫ আগষ্টত আমি ভাৰতবাসীয়ে স্বাধীনতা পালোঁ।বৃটিছৰ তলতীয়া হৈ আমাৰ ভাৰতৰ মানুহবোৰ কিমান যে হাৰাশাস্তি ভুগিব লগা হৈছিল আজিও ভাৰতৰ জনসাধাৰণে পাহৰিব পৰা নাই ৷যি সকল শ্বহীদৰ তেজৰ বিনিময়ত আমি স্বাধীনতা পালোঁ তেখেত সকলক আমি চেল্যুট জনাওঁ৷চাওঁতে চাওঁতে ৭৫ বছৰত ভৰি দিলে।৭৫ সংখ্যক স্বাধীনতা দিৱসত যাতে সকলো ভাৰতীয়ই প্ৰত্যেকেই ঘৰে ঘৰে এখন জাতীয় পতাকা সন্মান সহকাৰে উৰুৱায়৷
১৫ আগষ্টত দেহৰ শত শত বীৰৰ তেজৰ বিনিময়ত আমি ভাৰতবাসীয়ে পালোঁ স্বাধীনতা,আহক আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। ফাঁচি অথচ বন্দুকৰ গুলীক ভয় নকৰি দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক প্ৰণাম জনাওঁ।ভৱিষ্যত প্ৰজন্মৰ স্বাধীনতাৰ সোৱাদ দিবলৈ গৈ নিজৰ জীৱন বলিদান দিয়া সকলক চেল্যুট জনাওঁ।গৌৰৱ কৰোঁ আমি এই ভাৰতৰ পবিত্ৰ ভূমিত জন্ম লৈ স্বাধীন মনে থাকিব পাৰিছোঁ৷ভাৰত আমাৰ জন্মভূমি
স্বদেশ আমাৰ গৌৰৱ আমি গৌৰৱ কৰোঁ ভাৰতৰ ত্ৰিৰঙ্গা পতাকাক লৈ
জাতীয় পতাকা খনিক জনাওঁ শত বাৰ ছালাম আহাঁ আহাঁ বীৰপুৰুষৰ সন্তান হাতে হাতে জাতীয় পতাকাখন লৈ মান ৰক্ষাৰে উৰুৱাবলৈ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ