নীৰৱে থাকিব দিয়া-ৰাহুল চেতিয়া

মোৰ মনৰ উৰুখা পঁজাত
অহৰ্নিশে্ পিত্পিতাই ফুৰা
মৰমৰ ধূলি-কণা বোৰ
নিশব্দ নিতাল আজি
কিয় জানো?
কিজানি তোমাৰ স্নিগ্ধ সৰলতাত
বিমুগ্ধ হৈ 
নাইকিয়া হ'ল সেই মুহূৰ্ত বোৰ......
নিসংগতাই আৱৰি ধৰা
সেই নিশাবোৰটো
সংগ দিবলৈ তুমি 
কাষত নাই
অবিশান্ত প্ৰেমৰ কোলাহলে
অভ্যস্ত কৰি পেলাইছে
তোমাৰ নিসংতাত জীয়াই থাকিবলৈ......
হৃদয়ৰ খৰিকাজাই জোপাওঁ
বিষন্নতাই আৱৰা বুকুৰ মাজত সোমাই
ধুমুহাৰ তাণ্ডৱ নৃত্য কৰিব ধৰিছে
তোমাক বিচাৰি অবোধ হৃদয়ে
হাঁহাকাৰ কৰিব ধৰিছে....…..
প্ৰেমত জোঁৱাৰৰ গৰাহত
নিজৰ অস্তিত্বৰ হেৰুৱাই
বাৰে বাৰে পৰাজিত হৈ
ময়ে মাজনিশা বুৰাও গৈ
তোমাৰ মোৰ প্ৰেমৰ নাওখনি..…...

◾ৰাহুল চেতিয়া
নিলখপুৰ চিলাপথাৰ ধেমাজি

Post a Comment

Previous Post Next Post