আক্ষেপ তোমালৈ-পৰেশ দাস

Rinku Rajowar
0
কথোপকথনৰ পাছত 
তোমাক বুজিবলৈ 
যত্ন কৰোঁ মই,
অনুভৱৰ ছন্দত জীপাল হ'বলৈ খুজোঁতেই
নুবুজা সাঁথৰ এটা দৰে
উত্তৰ বিচাৰি হাবাথুৰি খাওঁ
কিহৰ বাবে অনুভূতি...!
মই ভবাৰ দৰে তুমি বা কিমানলৈ ভাবিছা
সেয়া ভাৱি হৃদয়ত সৃষ্টি হয় সাগৰৰ ঢৌ..!

মই দূৰে দূৰে তোমাক চাই থাকিম,
তুমি বুজি পোৱা দিনটোলৈ মই ৰৈ থাকিম,
মই ভবাৰ দৰেই তুমি বা কি ভাবিছা
সেয়া পূৰ্ণিমাৰ নিশা জোনটোক সুধিম,
তোমাৰ বাবে জাগি উঠাৰ এই অনুভূতিৰ বাবে,
এবাৰ মাথোঁ লগ পাবলৈ চিৰসাক্ষী জোনটোক প্ৰাৰ্থনা কৰিম...!


◾পৰেশ দাস,ঢকুৱাখনা,৭৬৩৮০০১৮২৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)