সম্পাদকীয় - ২০২২ আগষ্ট মাহৰ সংখ্যা

Rinku Rajowar
0
"দেশ‌ বুলি ক'লে নেলাগে আদেশ
মোৰ তুমৰুলি তেজত টগবগাই উঠে
                      এহেজাৰ এটা ৰণুৱা ঘোঁৰা ।"

দেশ বুলিলে আদেশ নিবিচৰা অক্লান্ত যুদ্ধা তথা স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দেশবাসীয়ে এইবাৰ উৎযাপন কৰিলে ৭৬ তম স্বাধীনতা দিৱস । দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ অতিক্ৰম কৰা এই ঐতিহাসিক ক্ষণৰ নাম দিয়া হ'ল 'অমৃত মহোৎসৱ' । 'অমৃত কাল' হিচাপে অভিহিত অহা ২৫ বছৰত দেশৰ জনসাধাৰণে আশা কৰা ধৰণে প্ৰতিজন নাগৰিকৰে অমৃত পানৰ পথ প্ৰশস্ত হওক । বিকাশ আৰু প্ৰগতিৰ অনুকূল জোৱাৰে আমাৰ স্বৰ্গভূমিৰ মান বঢ়াওক , সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভৰ স্বপ্ন বাস্তৱায়িত হওক । 

আনহাতে ক্ৰীড়াক্ষেত্ৰৰ সফলতাই গৌৰৱ কঢ়িয়াই আনিছে ভাৰতলৈ । বাৰ্মিংহামত অনুষ্ঠিত ২২ সংখ্যক কমনৱেলথ গেমছত পদৰ তালিকাত চতুৰ্থ স্থানত থাকি ভাৰতে ৬১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

ৰাজ্যিক প্ৰেক্ষাপটলৈ চালে দেখিম যে সম্প্ৰতি অসমীয়া ভাষাক লৈ চলিছে সৰৱ চৰ্চা । এই চৰ্চা ভাষাটোৰ প্ৰসাৰৰ দিশত হোৱা হ'লে চিন্তিত হ'বলগীয়া নহ'লহেঁতেন । কিন্তু শিক্ষাৰ মাধ্যম সম্পৰ্কে অসমীয়া ভাষাৰ প্ৰতি লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য নহয় । এনে হঠকাৰী সিদ্ধান্তৰ পক্ষপাতিত্ব কৰাজনে এই কথা অনুধাৱন কৰা উচিত যে নিজৰ ভাষাটোৰ প্ৰতি সচেষ্ট হ'ব নোৱাৰা জাতিয়ে নিজকে উন্নত জাতি হিচাপে গৌৰৱ কৰাৰ সুযোগকণ হেৰুৱায় । জীৱনে-মৰণে চিৰদিন অসমীয়া হৈ থাকিব পৰাকৈ মাতৃভাষাক জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়া সেয়েহে বৰ্তমান সংকল্পবদ্ধ হোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে । আইৰ মুখৰ ভাষা হেৰাবলৈ দিলে আইৰ অস্তিত্বই বিপদাপন্ন হ'ব । বিপদাপন্ন অস্তিত্বৰ গৰাহত ককবকাই থকাতকৈ মৃত্যুশম যন্ত্ৰণাই শ্ৰেয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)