মই এক যাদুকৰী বস্তু-ধূন্তিং প্ৰিয়ম গগৈ

Rinku Rajowar
0
মই এক যাদুকৰী বস্ত।
মোক মানুহে খোৱাৰ পাছত মই তেওঁক যেনে দৰে মন জাই তেনে দৰেই নচুৱাব পাৰোঁ।।
সিঁহতে ভাবে, মোক সিঁহতে খাইছে বুলি ।
কিন্তু নাই,মই হে সিহঁতক খাইছো।।

মই এক যাদুকৰী বস্তু ।
কিমানৰ যে সংসাৰত জুই লগাই দপ দপ কৈ জ্বলাই দিছোঁ ।।
কিমানৰ জীৱন যে মই কাঢ়ি লৈছো ।
আকৌ সিঁহতে ভাবে,সিঁহতে বুলে মোক খাইছে।।
কিমানৰ যে সপোনৰ সম্পৰ্ক বোৰত মই আউল লগাইছো।
কিমান যে বাপেক পুতেকৰ সম্বন্ধ মই নাশ কৰিছোঁ ।

মই এক যাদুকৰী বস্তু ।
মোক খোৱা লগে লগে কিমানৰ যে বিবেক,ন্যায়,কৰ্ম,ধৰ্ম আদি সকলোবোৰ পাহৰি যায়।
আকৌ ভাবে সিঁহতে মোক খাইছে।
মোক খোৱাৰ লগে লগে যে সিহঁতৰ দেহৰ সকলো ৰং সলনি হৈ যায়।
তাক দেখি মই হাঁহি থাকো নিৰবে অকলে ।।

মই এক যাদুকৰী বস্তু ।
মোক খাই নিচাত যে লাল -কাল এই মানৱ সমাজ ।।
তথাপিও ভাবে আকৌ,মোক বুলে সিহঁতে খাইছে।
নিচাত বলীয়ান হৈ কিমান যে জঘন্য আচৰণ কৰে সিঁহতে ।।
পাহৰি যায় সকলো সম্বন্ধৰ কথা ।
ইয়াকো পাহৰি যায় যে মদ খোৱাৰ অপকাৰ কি!!
হা: হা: হা:
মই এক যাদুকৰী বস্তু ।

                  
✍🏼 ধূন্তিং প্ৰিয়ম গগৈ(গোলাঘাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)