প্ৰকৃত ভালপোৱা - নাছিৰ আহমেদ

তুমি দূৰে দূৰে থাকিও
মোৰ বৃত্তৰ পৰিধিৰ মাজত আৱদ্ধ।
তুমি কেতিয়াবা সূৰ্য হোৱা,
মই হওঁ তোমাৰ পৃথিৱী ;
কেতিয়াবা আকৌ তুমি পৃথিৱী হোৱা,
মই হওঁ তোমাৰ সূৰ্য ।

তুমি দূৰে দূৰে থাকি মোক ভুমুকিয়াই চোৱা ;
যেনেকৈ আকাশৰ জোনটিয়ে মোলৈ চাই ভুমুকি মাৰে,
বনৰ আঁৰে আঁৰে বনৰ চৰাইজনী
মোক সুঁৱৰি সুঁৱৰি সুঁহুৰি মাৰে,
সাগৰৰ তলিত থকা ৰঙীন মাছবোৰ
মোৰ হৃদয়ক জগাই তোলাৰ বাবে চঞ্চল হয়,
বাৰীৰ ঢাপত থকা বগা ৰঙৰ গোলাপজুপি
মোৰেই কথা ভাৱি ভাৱি প্ৰস্ফুটিত হৈ জকেমকায় ।
মই ৰক্ষক হৈ থাকোঁ তোমালৈ ৰৈ
যাতে কাৰো পৰশত তোমাৰ সৌন্দৰ্য্য লেৰেলি নাযায় !

তুমি মোৰ সান্নিধ্য বিচাৰি কেতিয়াও কাষলৈ নাহা,
ময়ো কেতিয়াও তোমাক বিচাৰি নেযাওঁ ;
কেৱল তুমি ভাসমান মেঘহৈ পৃথিৱীক বৰ্ষাসিক্ত কৰা
মই সেই অনাবিল বৰষুণেৰে দেহ - মন শাঁত্ কৰোঁ।

প্ৰতিটো ঋতুত প্ৰকৃতিয়ে ৰূপ সলনি কৰাৰ দৰে
তুমিও মোৰ দুচকুত ৰূপ সলনি কৰি ধৰা দিয়া -----

কেতিয়াবা জন্মদাত্ৰী মাতৃ ৰূপে,
কেতিয়াবা স্নেহাশীষ ভগ্নী বা পুত্ৰী ৰূপে,
কেতিয়াবা আকৌ প্ৰিয়তমা পত্নী বা বন্ধু ৰূপে।
প্ৰকৃতিৰ চিৰ সৌন্দৰ্য্যৰে উদ্ভাসিত হৈ
তুমি মোৰ হৃদয়ৰ এলবামত অংকিত হোৱা।

তুমি মোৰ গীতৰ মূৰ্চ্ছনা, কবিতাৰ মধুৰ ছন্দ!
তুমিয়েই মোৰ জীৱনৰ চালিকা প্ৰেমময় শক্তি!!

✍️নাছিৰ আহমেদ , শিমলাবাৰী , গোৱালপাৰা।

Post a Comment

Previous Post Next Post