তোমাৰ ধৰ্মত জাতি-ভেদ , উচ্চ-নীচড়, ধনী-দুখীয়া নাই
অসমৰ বিভিন্ন ঠাইত সত্ৰ , নামঘৰ ,অনুষ্ঠান পাতিছিলা
ধৰ্ম প্ৰচাৰক , সমাজ সংগঠক , অভিনেতা , কবি , চিত্ৰকৰ আছিলা তুমি।
শঙ্কৰ গুৰুক জনাও আমি প্ৰণাম
শঙ্কৰ গুৰু দিছিলা তুমি জ্ঞানৰ পোহৰ বিলাই
সূৰ্য্যই যেনে দৰে দিয়ে পোহৰ
তুমিও দিছিলা আমাক জ্ঞানৰ পোহৰ বিলায় ।
তোমাৰ শিক্ষাই অসমীয়াৰ
জীৱনৰ মূল লক্ষ্য
খামুচি ধৰি ৰাখিছো ,
অসমীয়া আগুৱাই যাবলৈ
শঙ্কৰ গুৰু আমাক দিয়া জ্ঞান।
শঙ্কৰ গুৰুৰ বাণী যিয়েই লয়
মহান পণ্ডিত সিয়েই হয়
আকৌ এবাৰ আহা
আজান পীৰ হুজুৰক লৈ।
আজান পীৰৰ সতে
অসম ভূমিত মিলনৰ এনাজৰী বান্ধিবলৈ
আকৌ এবাৰ আহা
প্ৰণাম জনাও শঙ্কৰ গুৰু।
✍🏻ছেলিমা বেগম
জিলা নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ