বিনাশ-ৰীণা ৰাণী ডেকা

এদিনাখন ৰাতি
এজাক ধুমুহাই কৰিছিল আমনি,
লগত আহিছিল ভয়ানক বিজুলী।
হঠাৎ সাৰপাই উঠি বহিছিলোঁ
মোৰ বিচনাৰ কাষত টামডালত
খিৰিকিৰ ফাকেৰে চাই ৰলোঁ
দেখিলোঁ বাহিৰত।
প্ৰকৃতিয়ে ৰং কৰি থকা জগতৰ লগত
ৰং ধেমালিত মগ্ন হৈ থকা
প্ৰকৃতিৰ এই বিনাশ
কঢ়িয়াই আনিছিল পৃথিৱীত
মানৱতাৰ নাশ।
হঠাৎ আকৌ শাম কাটিলে
এই ধুমুহা জাক।
প্ৰকৃতিয়ে হাঁহি মাৰি কলে জগতক।
চোৱা এই মোৰ বিনাশ।

◾ৰীণা ৰাণী ডেকা

Post a Comment

Previous Post Next Post