এই নদীয়েই সেই নদী-সুশান্ত দাস

Rinku Rajowar
0
অকুণ্ঠ নিৰলস বোৱাৰ কাম্য
এইয়া জীৱন আৰু ইয়াৰ অনিটোল সত্য ,
কৱন্ধৰ ভৌতিকতাৰ বিভ্ৰান্তিৰ আঁৰত
যুগ আৰু যুগান্তৰৰ বহ্নিমান সখ্য।।

অক্লিষ্ট বোৱাৰ অকলঙ্ক সতীত্ব ,
সেইয়াই নাৰী আৰু নিৰৱধিৰ সত্তা,
যি সতী ৰাধিকাৰ অকলুষ কৃতিত্ব...।।

এই যে নীৰৱধি (?)
সেয়াই নদী...
বৈ যায় অতীত আৰু বৰ্তমানক সামৰি (!)...

এই নদীয়েই সেই নদী,
ধ্যানমগ্ন মুনিৰ অনিদ্রাসিক্ত মূৰ্তি দেখা,
সংগম আৰু বিপণ্ণতাৰ চুক্তিৰ জীয়া দলিল (!)...

এই নদীয়েই সেই নদী,
মাৰ্কণ্ডেয় মুনিক মায়া দেখুওৱাই 
সৃষ্টি প্ৰলয়ৰ স্বৰূপ দৰ্শাই
সলিলৰ স্বৰত অতৰ্কে গুণগুণাই
মৃত্যুঞ্জয়ৰ অমোঘ বাণী (!)...

এই নদীয়েই সেই নদী,
অপূৰ্ব মিলনৰ সাক্ষী হোৱা
কামুন্মক্ত হস্তীৰ কামাগ্নিৰে ধোৱা
বিৰল যোদ্ধাৰ তেজ-মঙহৰ ধাত্ৰী (!)...

এই নদীয়েই সেই নদী,
বেহুবদ্ধ পাণ্ডৱনন্দনৰ অক্ষিত 
প্ৰাণৰ সংশয়দৰ্শী,
মৃত বাসনাৰ উত্তপ্ত জ্বালাপিণ্ড ভক্ষী (!)...

এই নদীয়েই সেই নদী,
দধীচিৰ অস্থিৰে গঢ়া বজ্ৰৰ ধূলি
অমৃতময় হোৱাৰ অজান ৰহস্যৰ সাক্ষী,
অমৰাৱতীৰ দেৱতাৰ স্পৰ্শত
যি আজি অমৃতাৱতী...।।

এই নদীয়েই সেই নদী,
হৰিশ্চন্দ্ৰৰ সততা আৰু 
দাৰুণতাৰ পৰশে পুণ্যৱতী,
মৃত্যু আৰু জন্মৰ সখ্যাৱতী ভূজঙ্গিনী (!)...

এই নদীয়েই সেই নদী,
মৃত্যসূত্ৰা শৈৱালিনীৰ বিশাল দেহক 
আঁকোৱালি লোৱা অতিৰক্ষী বাহিনী,
ভূজঙ্গীনিৰ পিতাল বাহুৰ যে অতীৱ শকতি (!)...

এই নদীয়েই সেই নদী,
প্ৰাণ জুৰুৱা গীতৰ ৰাগি তুলি ,
গীতাৱতী মন্দোদৰী সলিলাৱতী কান্তি,
হিৰণ্ময়ী মহাৰ্ঘ্য প্ৰদানকাৰী মহীয়সী (!)...

এই নদীয়েই সেই নদী,
মহাদেৱৰ জঁটাৰ সজ্জাৰ ৰূপৱতী,
সৰগৰ বৰকণ্যা বসুন্ধৰাৰ ভাগীৰথী,
অতীত - বৰ্তমান সকলোকে সামৰি
বৈ যোৱা অনায়াস বোৱাৰ যে
কাম্য মৈত্ৰী (!!)...

এই নদীৰ অজস্ৰ সংজ্ঞা
বিৰল দৃষ্টিৰ প্ৰবোদ্ধি,
বৈ যায় অলেখ কাহিনী লৈ
অবিনশ্বৰ এই কল্লোলিনী...।।


◾সুশান্ত দাস, শিৱসাগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)