বন কুঁৱৰী- মিন্টু গোৱলা

©Admin
0
সেউজীয়া ধৰণী ধুনীয়া বননী আমাৰ শুৱনি প্ৰকৃতি
তাতেই থাকে,
এজনী সেউজীয়া বনৰ ৰাণী।
নিজান দুপৰীয়াত নিস্তব্ধ পৰিৱেশত 
বিচৰণ কৰে, 
সেই বনৰ ৰাণী বন কুঁৱৰীয়ে।
গছে গছে উঠি ফুৰে 
ফুলে ফুলে নাচি থাকে ,
এই নিজান দুপৰীয়াত।
সেউজীয়া বৰণৰ চোলা পিন্ধি নাচে বতাহত,
নিয়ৰৰ মুকুতাৰ আৱৰণ পিন্ধি
হেই, বনৰ ৰাণী তুমি বন কুঁৱৰী।
ফুৰা গছে গছে ,
নাচা ফুলে ফুলে 
এই সেউজীয়া বননিৰ মাজত।
সেউজীয়া বনৰ ৰাণী তুমি 
বন কুঁৱৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)