মৌ-সনা কোমল মাতেৰে এবাৰ
মাতিলে নিৰৱ হৈ তেওঁকেই চাই ৰওঁ।
লাজুক লাজুক ভাৱেৰে মুখত
এটি মৃদু হাঁহি মাৰিলেই তেওঁতেই বিলীন হৈ যাওঁ।
ক্ৰোধিত মুখৰে শব্দ কৰিলেই যেন
তেওঁৰ এষাৰি মৌ-সনা মাতত
দুটি ওঠঁ নিঃশব্দ হৈ ৰয়।
তেওঁৰ কবিতাৰ ছন্দোবদ্ধতাই
হৃদয়ৰ নিভৃত কোণত
স্পন্দন সুৰ জগাই।
তেওঁৰ অনুপস্থিতিত হৃদয়ত যেন অহৰহ দ্ৰুতগতিত বিষাদৰ নৈ বয়।
তেওঁৱেই হ'ল মৰমৰ লক্ষ্মীস্বৰূপীনি মা....।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ