কন্যা সন্তানৰ ওপৰত মোৰ অনুভৱ-ছেলিমা বেগম

Rinku Rajowar
0
অভিভাৱক সকলৰ প্ৰধান কৰ্তব্য হ'ল কন্যা সন্তানক স্বাৱলম্বী কৰি গঢ়ি তোলা, তাৰ পাচত হে কন্যা গৰাকীৰ বিবাহৰ কথা ভবা দৰকাৰ ।
"উক্ত কথাখিনি ওপৰত মই একমত "
বেটি বচাওঁ ,বেটি পঢ়াওঁ -
আহক আমি সকলোৱে মিলি কন্যা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলো ।
                এজনী কন্যা সন্তান এখন ঘৰৰ লক্ষ্মী। এই কন্যা সন্তানটি এদিনাখন এখন ঘৰৰ মাতৃ হব। মাতৃ হল ঘৰ খনৰ শিক্ষাৰ মূল কঠীয়া তলী। আগতে সেই মাতৃগৰকীক শিক্ষিত কৰি গঢ়ি তুলিব লাগিব। কন্যা সন্তানৰ সফলতাৰ কথা সদায় চিন্তা কৰা উচিত যাতে সময়মতে সময়ৰ কাম কৰি যাব পাৰে ৷ কন্যা সন্তানক কম বয়সতে বিয়া দিয়া মানে কেঁচা কলহত পানী থোৱা একেই কথা। কেঁচা কলহত পানী এটুপি থবলৈ যাওঁতে যেনে কৈ ভাঙি যোৱা দেখা যাব ঠিক তেনেদৰে এজনী কম বয়সীয়া কন্যাক বিয়া দিয়া একেই কথা। মোৰ মতে কন্যা সন্তানক বিয়া দিবলৈ হলে তাইৰ বয়স নূন্যতম ২৹ বছৰৰ ওপৰত হোৱাটো দৰকাৰ । যদি ডাক্তৰ বা ইঞ্জিনীয়াৰ হোৱাটো চিন্তা কৰিবলগীয়া হয় তেতিয়া হলে আৰু বয়স বঢ়াব লাগিব। আজি কালি আমাৰ কন্যা সন্তান পিচ পৰি থকা নাই ,ল'ৰা সন্তানৰ সমানে সমানে আগবাঢ়ি যাব পাৰিছে। সেয়েহে মই ভাবো কন্যা সন্তানক স্বাৱলম্বী কৰি গঢ়ি তুলি তাৰ পিছত বিয়াৰ কথা ভাবিব লাগিব।

✍🏻ছেলিমা বেগম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)