ছদ্মবেশী বন্ধু -হাফিজ গিয়াছউদ্দিন আহমেদ

Rinku Rajowar
0
বৰ্তমান সময়ত কিছুমান ছদ্মবেশী বন্ধুয়ে আপোনাৰ লগত ভালে থাকিব কিন্তু সেই ছদ্মবেশী বন্ধুয়ে কেতিয়াও নিবিচাৰে আপোনাৰ ভাল হওঁক। কিছুমান ছদ্মবেশী বন্ধু আছে আপুনি যিমানেই ভাল কাম নকৰক কিয় কেতিয়াও আপোনাৰ ভাল কামৰ প্ৰশংসা নকৰে পাৰিলে আপোনাৰ মনোবল ভাঙ্গিবলৈ নানান ধৰণৰ কথা কব আৰু আপোনাৰ কামৰ ভুল দিশবোৰ বিচাৰি ফুৰিব। বৰ্তমান সময়ত কাৰো ভাল কোনেওঁ সহ্য কৰিব নোৱাৰে।একাংশই  আকৌ  নিজকে   প্ৰতিষ্ঠা কৰা বাদ দি আনৰ পিছতেই লাগি থাকে ৷ যিমানেই ভাল কাম নকৰা কিয় তাৰ ভিতৰত যদি কিবা ভুল হৈ যায় , চাব কিমানে সমালোচনা কৰিব। কিন্তু ভাল কামৰ প্ৰশংসা কৰা মানুহ বহুত কমকে পাব।  কাৰোবাৰ কামত যদি প্ৰশংসা কৰিব নোৱাৰে তেনেহলে কেতিয়াও সমালোচনা কৰিব নালাগে। পাৰিলে উৎসাহ দিব লাগে। আপোনাৰ উৎসাহত হয়তোবা উৎসাহ দিয়া ব্যক্তি জনে বহুত প্ৰেৰণা পাব । এইটো কথাও ঠিক যে প্ৰকৃত বন্ধুয়ে কেতিয়াও সমালোচনা নকৰে । প্ৰকৃত বন্ধুয়ে আপোনাৰ ভাল সময়ত যেনেকৈ সঙ্গ দিব বেয়া দিনতো সমানেই সঙ্গ দিব। প্ৰকৃত বন্ধুত্ব হৈছে মানৱ ফুলনিত ফুলি থকা এপাহ সুগন্ধি ফুল। জীৱনত বুজি পোৱা বয়সৰ পৰা জীৱনৰ শেষ সময় পৰ্যন্ত অৰ্থাৎ মৃত্যুৰ আগলৈকে প্ৰকৃত বন্ধুত্ব থাকিয়েই যায়। প্ৰকৃত বন্ধুয়ে কেতিয়াও বন্ধুৰ বেয়া হোৱাটো নিবিচাৰে। বৰ্তমান সময়ত প্ৰকৃত বন্ধুৰ সংখ্যা বহুত কম। ছদ্মবেশী বন্ধু হে প্ৰকৃত বন্ধুৰ অভিনয় কৰে। এটা কথা মনত ৰাখিব অচিনাকি ব্যক্তিয়ে কেতিয়াও আপোনাৰ ক্ষতি নকৰে। ক্ষতি কৰে ছদ্মবেশী বন্ধুয়ে। সেইকাৰণে ছদ্মবেশী বন্ধুৰ পৰা সাৱধানে থকা উচিত।

◾হাফিজ গিয়াছউদ্দিন আহমেদ । ধূলা (হিৰাপাৰা) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)