যাক তুমি কাল বুলি কোৱা ।
মই কাল, মহাকাল ।
মই আছোঁ অনাদি কালৰেপৰা, খৰস্ৰোতা নদীৰ দৰে নিৰবধি থাকোঁ বৈ,
অসীম, অনন্ত কাল,
সকলোৰে অলক্ষিতে ।
মই দেখি আহিছোঁ
সৃষ্টি-স্থিতি-প্ৰলয়ৰ ৰূপ।
মোৰ বুকুত সৃষ্টি হয়
জোন ,বেলি ,গ্ৰহ, তৰা ,নক্ষত্র মণ্ডল
নিহাৰীকা, ধুমকেতু আদি ।
মোৰ বুকুত জহি আকৌ সৃষ্টি হয় নতুন নতুন গ্ৰহ।
সময়ৰ বালিতেই এদিন খোজটি দিয়ে
মানৱ প্ৰজাতি
মোৰ কোলাতেই জন্ম লয়
জীৱ - জন্তু, গছ- লতা, পশুপক্ষীগণ ।
এই পৃথিৱীৰ কোমল কোলাত
জীৱন্ধৰী প্ৰাণীসৱে
লীলা-মালা কৰে।
ময়েই সজাই দিওঁ
গছে-বনে ফলে-ফুলে
সুন্দৰ পৃথিবী
প্ৰকৃতিক সজাই তোলো বিভিন্ন ৰূপত ,
গ্ৰীষ্মৰ প্ৰখৰ তাপ
বৰ্ষাত শান্ত কৰোঁ
বসন্তত পয়োধৰা
পৰমা প্ৰকৃতিয়ে
ধৰাত বিলাই দিয়ে
ৰূপৰ গৰিমা ,
ফলে ফুলে ভৰা এই বৃক্ষ লতাগণ
সময়ত সৰি পৰে
ধৰাৰ বুকুত ।
শীতত লঠঙা হোৱা গছৰ ডালত
পুনৰ কুঁহিটি মেলে
নৱপল্লৱে
এয়েই সৃষ্টি মোৰ অনুপম অপৰূপ
সৌন্দর্যৰ মহা উপচাৰ
ময়েই কেঁচুৱাটিক
কৈশোৰৰ চোলাটি পিন্ধাওঁ
পুনু ময়ে যৌৱনৰ চোলা সোলোকাই
বৃদ্ধত্বৰ জোলোঙাটি
আঁৰি দিওঁ একেটি সজাত
মই লিখোঁ সময়ৰ ইতিহাস
চাৰিবেদ , চৈধ্য শাস্ত্ৰ
ওঠৰ পুৰাণ
ৰামায়ণ , মহাভাৰত
ইলিয়াদ , ওডিচী আৰু ডিভাইন কমেডি ।
তাজমহলৰ মৰ্মৰত লিখোঁ প্ৰেমৰ দস্তাবেজ ।
প্ৰলয়ৰ কাল ৰাতি
ধ্বংশ কৰোঁ এই ব্ৰহ্মাণ্ড
ধ্বংসৰ ভেটিত
আকৌ ফুলাওঁ মই নৱজীৱনৰ অংকুৰ।
◾ৰেণু শৰ্মা, ডিব্ৰুগড়, অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ