অকলে ঘূৰি ফুৰে ইফালে সিফালে
কোনেও তাইৰ সৈতে নুফুৰে।
কেতিয়াবা তাই এঠাইত বহিলৈ
বেজাৰতে উচুপি উঠে।
ককাই ভাই বাই ভনী আছেনে নাই
কোনেও কব নিবিচাৰে নেজানে।
মাটি ভেটি ধন টকা পইচা আছিল
তাই হেনো আছিল চহকীঘৰৰ ।
পিতৃ মাতৃ কালৰ গতিত হেৰাইছে
সময় থাকোতে সঙ্গীও নিবিচাৰিলে
মানুহৰ জীৱন ব্যস্ত জগতখনত
কোনে কাৰ খবৰ ৰাখে?
বৃদ্ধা আইতাকে এমুঠি অন্ন দিছিল
এতিয়া দিনচেৰেক হল
আইতাকৰ মৃত্যু হ'ল।
ভৰলুৰ পাৰে পাৰে তাইৰ খোজ
নদীখনে তাইৰ কথাকে কয়।
আইতাকে প্ৰতি গুৰুবাৰে শংকৰগুৰৰ চৰণত সেৱাধৰে
নদীৰো প্ৰাণ আছে
কুলু কুলু সুৰেৰে বৈ যায়
চহৰৰ মাজ মজিয়াত
আইতা অ'এতিয়া তুমি আছা ক'ত!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ