মাথো আহিবা তুমি দুপৰ নিশা
পৃথিৱীখন যেতিয়া নিদ্ৰাত মগ্ন হ'ব ,
কেৱল সাৰে থাকিম মই ।
হাতত সাৰে , ভৰিত সাৰে নখে মাটি লেখি
ওলাই যাম ৰুদ্ধ দুৱাৰ খুলি ।
আহিনৰ জাৰৰ কুমলীয়া আচ্চাদন
টানি লওঁ গাৰ চাদৰৰ আঁচলখন
দুভৰিত পাতলীয়া কুঁৱলি আৱৰণ
দূৱৰি বনৰ মুকুতা মণিবোৰ
দুভৰিৰ ভৰত ভাঙি সৰি পৰে ।
পদচিহ্নবোৰ সাক্ষী হৈ ৰয় মই যোৱা বাটৰ ,
বুকুত হাজাৰটা ঢৌ উঠে দুকুল উপচি পৰে ।
ৰাতি ক্ৰমাৎ গভীৰ হৈ আহিছে
শেৱালী ফুলবোৰ এপাহ দুপাহকৈ সৰিব ধৰিছে ।
তৰাভৰা আকাশৰ চিকিমিকি পোহৰত
কোঁচভৰাই তুলি লওঁ সৰা শেৱালী
মন মন্দিৰৰ থাপনাত অৰ্ঘ্য যাচিবলে বুলি।
ফুলৰ সুবাসত মুগ্ধ হিয়া মোৰ উথলি উঠিছে ,
মই নজনাকৈ সময়ে গতি কৰিছে ।
পূব আকাশত ফেহুজাল ফালি
ৰঙা বেলিটিয়ে মাৰিছে ভুমুকি ।