ডাইনী- শতাব্দী শৰ্মা

এই শব্দটো বহুবাৰ শুনিছো 
প্ৰতিদিনে গুঞ্জৰিত হয় কর্ণকুহৰত ..
প্ৰতিখন বাতৰিকাকতত ,
প্ৰতিটো অঞ্চলত ,
মানুহ নামৰ জীৱশ্ৰেষ্ঠ প্ৰাণীৰ 
অনিয়ম, অনাচাৰৰ বলি কিছু দুর্বল মানুহ ৷
তেওঁলোকো মানুহ 
তেওঁলোকো একোটা সত্বা ..
মানুহৰ অত্যাচাৰত মানুহেই 
নৰক যন্ত্ৰণা সহিছে !
সংবাদ মাধ্যম কি ?
চৰকাৰ কি ?
সকলো নিৰৱ নিস্তব্ধ ..
একোজনী মহিলাৰ সতীত্ব হৰণ কৰা 
একোজনী ছোৱালীৰ জীৱন ধ্বংস কৰা ,
সেই নৰপিশাচকেইটাক ধৰিবলৈ 
কাৰো সাধ্য নাই ৷
কিন্তু মিছা অপযশেৰে নিৰীহ মানুহক
মৰিয়াই মাৰিবলৈ সকলো ব্যগ্ৰ ৷
কোনোবাই আইন প্ৰণয়ণ কৰিছে নেকি ?
ডাইনীৰ সন্দেহত হত্যা কৰিব লাগে 
তেতিয়াহে ভয় ভাগে !
সকলো ধিক্ !
আজি মানুহ জীৱশ্ৰেষ্ঠ বুলি 
ক'বলৈও লাগে লাজ ,
তেওঁলোকৰ দেখি গর্হিত কাম-কাজ ৷
প্ৰতিখন গাওঁতে একো একোজন মানুহে 
প্ৰতিদিনে দিছে প্ৰাণবলি
 তেওঁলোক হেনো ডাইনী, সেইবুলি ।
ধুৰ এই সভ্যতা !
সভ্য দেশৰ অসভ্য জীৱশ্ৰেষ্ঠ ৷
তহঁত কিয় হৈছ' সংখ্যাগৰিষ্ঠ !
গণতন্ত্ৰ আজি মৌন-নিষ্প্ৰাণ 
মানুহ নামৰ পশুটোৱে হাতত 
লৈছে তুলি আইন ৷
ডাইনী কোনো দুর্বল মানুহ নহয় ,
পৃথিৱীত ডাইনী বুলি জাতিয়েই নাই ,
ডাইনী 
ডাইনী 
ডাইনী 
বহুবাৰ ক'লেও আমি কাকো দেখা নাপাওঁ ...
কাৰণ আমি জীৱশ্ৰেষ্ঠই 
নিজক নিজেই ডাইনী সজাই 
সমাজৰ শৃংখলতা হানি কৰিছো ৷

Post a Comment

Previous Post Next Post