মই তোমাক নিতৌ চাইছিলো,
হয়তো সেই তেতিয়াই প্ৰথম প্ৰেমত পৰিছিলো তোমাৰ;
এপলক তোমাৰ চাৱনিয়ে মোক মানুহ কৰি থোৱা নাছিল,
থান-বান কৰি বিধ্বস্ত কৰিছিল মোৰ হিয়া,
অপেক্ষা কৰিছিলোঁ মাথোঁ তোমাক পোৱা..!
প্ৰেম মানে কি ?
মই বুজি পোৱা নাছিলোঁ,
উজাগৰে আছিলোঁ বহু নিশা,
বহু প্ৰতিজ্ঞা পুৱালৈ নিঃশেষ হৈ গৈছিল,
ক'ব নোৱাৰা দৈনিক প্ৰেমৰ প্ৰস্তাৱবোৰে প্ৰকাণ্ড শিল এটি হৈ মাথোঁ হেঁচা মাৰি ধৰিছিল মোক...
বহীৰ পাতত,
কিতাপৰ বুকুত,
ভাতৰ কাঁহীত জিলিকিছিল মাথোঁ আশাহীন P+D...
বিদ্যা শপত
মাছ-মাংসৰ ভাতৰ কাঁহীখনো বিষ যেন অনুভৱ হৈছিল..
পাগলৰ দৰে প্ৰলাপ বকা নাছিলোঁ যদিও পাগলেই আছিলোঁ,
পঢ়াৰ সময়ত
পৃষ্ঠা জোৰা চিঠি লিখি ফুল কেৰাচিনৰ চাকিবোৰ শেষ কৰিছিলোঁ..
পুৱালৈ ফালি পেলাই হতাশাৰে পাৰ হৈছিল প্ৰতিটো দিন...
তোমাক খুব চাইছিলোঁ,
ভাবিছিলোঁ!
তোমাৰ দীঘল চুলিতাৰি চুই মই বহু নিশা উজাগৰে কটাম,
উফ! সেই ভাৱনাইও মোক মানুহ কৰি থোৱা নাছিল...
ফিৰফিৰিয়া বতাহ জাকত তোমাৰপৰা মোলৈ উৰি অহা তোমাৰ চুলিৰ চেম্পুৰ গোন্ধটোৱে মোক ....
উত্তেজিত নকৰাকৈ থকা নাছিল,
ক'ত নিশা মৰিবলৈ ধৰা চেঙেলীৰ মাছটোৰ দৰে
ছটফটাই শুই পৰিছিলোঁ ,
কেৱল তোমাৰ কথাই ভাবি।
অলীক কল্পনা আছিল যদিও কল্পনা কৰিছিলোঁ তোমাক,
ক'ত দিন দুষ্ট হৈ ধৰা দিছিলোঁ নিজক,
মোৰ ওঁঠৰ কঁপনিত নাজানো কি হৈছিল,
মোৰ সমস্ত শৰীৰটোক কিহবাই জোকাৰি পেলাইছিল...
তোমাৰ অবিহনে মোৰ জীৱনেই অৰ্থহীন বুলি ভাবি ,
দুঃসাহস গোটাই কৈ দিছিলোঁ
I love you..
মই তোমাক বৰ ভাল পাওঁ...!
ভাল পালো তোমাক,
সাৰ্থক হ'ল বহু নিশা উজাগৰে কটোৱা মুহূৰ্তবোৰ..
প্ৰতিটো পল,প্ৰতিটো মুহূৰ্ততেই তোমাক চাই থাকিব পৰাকৈ,
চুই চাব পৰাকৈ তুমি মোৰ,
গছে পাত সলোৱাৰ দৰে তোমাৰ বাবেই সলাই যাম মই মোৰ পৰিচয়,
বিদ্যা শপত তোমাৰ বাবেই মানুহ হৈ জীয়াম!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ