ফাগুনৰ আকাশত ধূলি কেৱল ধূলি
ঘৰমূৱাপক্ষীৰ ক্ৰন্দনৰত অস্ফূট মাত
দিক বিদিক হেৰাই যোৱা পক্ষীৰ আৰ্তনাদ
কোনে দিব সিহঁতক সঠিক পথৰ সন্ধান।
কাৰণ এইয়া যে
ব্যস্ততাৰে ভৰা এখন সমাজ ।
আহৰি নাই কাৰো দিবলৈ এষাৰি মাত
ফুটপাথত কিম্বা ৰেল ষ্টেচনত
জীৱন অতিবাহিত কৰা ককা- আইতা, অঘৰী পৰিয়ালক ;
পেটৰ তাড়নাত আনৰ সঁহাৰি বিচৰা দিব্যাংগহঁতক ।
নাইবা পিতৃ- মাতৃৰ সন্ধানত
পিটপিটাই ঘূৰি ফুৰা কনমানিটোৰ লগত
অথবা প্ৰেমৰ চাকনৈয়াত পৰি দেশান্তৰিত হোৱা ভনীজনীৰ কাষত
থিয় দিব নিবিচৰা হৃদয়হীন মানুহৰ জাক।
কাৰণ এইয়া যে ব্যস্ততাৰে ভৰা এখন সমাজ ।
◾মিনাক্ষী দত্ত ।
ধেমাজি (মাছখোৱা)।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ