ডাঙৰ-দীঘল হৈছোঁ অসমৰ ভূমিতে
শিক্ষা লৈছোঁ অসম প্ৰদেশতে
প্ৰাণ দিম অসমৰ বাবে৷
অসম আমাৰ মাতৃভূমি
অসম আমাৰ গৌৰৱৰ ভূমি
স্বদেশ আমাৰ গৌৰৱৰ ভূমি
অসম আমাৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ ভূমি ৷
অসম এৰি নাযাওঁ আমি
অসমৰ বুকুতে মৰিম আমি
অসমৰ বুকুতে যুঁজিম আমি
অসমৰ অসমীয়া জীয়ৰী আমি ৷
অসমৰ মাটি সাৰুৱা কৰিম
অসমৰ সম্পত্তি সুৰক্ষিত ৰাখিম
অসমৰ শান্তি অটুট ৰাখিম
অসমৰ গৌৰৱ বজাই ৰাখিম ৷
অসমৰ বীৰৰ তেজৰ বিনিময়ত
আমি অসমীয়াই পালোঁ স্বাধীনতা।
ফাঁচি অথবা বন্দুকৰ গুলীক ভয় নকৰি
দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদক প্ৰণাম জনাওঁ ৷
আমি গৌৰৱ কৰোঁ ভাৰতৰ
ত্ৰিৰংগা পতাকাখনক লৈ
জাতীয় পতাকাখনক জনাওঁ প্ৰণাম
আঁহা মান ৰক্ষাৰে জাতীয় পতাখন উৰুৱাও ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ