পবিত্ৰ মহৰম সম্পৰ্কে- নাছিৰ আহমেদ

©Admin
0
মহৰম মাহৰ দহ তাৰিখে সমগ্ৰ বিশ্বৰ মুছলমান সকলে মহৰম উদ্ যাপন কৰে । মহৰম মুছলমান সকলৰ কোনো আনন্দৰ উৎসৱ নহয় ; এয়া ইছলামৰ শ্বহীদৰ আত্মত্যাগৰ এক কৰুণ শোকত বিহ্বল খুবেই হৃদয় বিদাৰক ঘটনাৰ বিষাদগ্ৰস্ততা ভৰা স্মৃতিৰ সোঁৱৰণী -গাথা।

ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছঃ)ৰ কণিষ্ঠা কন্যা জগত বিখ্যাত সতী সাধ্বী নাৰী ফাতেমাৰ বীৰ যোদ্ধা,কবি, দাৰ্শনিক হজৰত আলীৰ সৈতে বিবাহ হৈছিল। তেওঁলোকৰ দুজন পুতেকৰ নাম হাছান আৰু হুছেইন। খলিফা আবু বক্কৰ চিদ্দিকৰ পিছত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হজৰত আলীক মক্কাৰ খলিফা ( অৰ্থাৎ সৰ্বোচ্চ কৰ্তৃত্ব থকা শাসন কৰ্তা) ঘোষণা হোৱাৰ লগে লগে ছিৰিয়াৰ শাসন কৰ্তা মাবিয়াই বিদ্ৰোহ ঘোষণা কৰিলে। তাৰ পিছত সন্ধি কৰাৰ ছলেৰে হজৰত আলীক নিমন্ত্ৰণ কৰি কুফা নগৰত গুপ্ত ঘাতকৰ হতুৱাই হত্যা কৰে।
তেতিয়া ডাঙৰ পুতেক হাছানক মক্কাৰ খলিফা বুলি মক্কাৰ জনসাধাৰণে ঘোষণা কৰে। এই ঘোষণাত
অসন্তুষ্ট হৈ মাবিয়াই সৈন্য -সামন্ত লৈ মক্কা আক্ৰমণ কৰে। মাবিয়াৰ অসৎ চৰিত্ৰৰ নিষ্ঠুৰ সৈন্য -সামন্তৰ আক্ৰমণত মক্কাত হাজাৰে হাজাৰে আবাল-বৃদ্ধ -বনিতাই মৃত্যুবৰণ কৰে। তেতিয়া বাধ্যত পৰি হাছানে মাবিয়াৰ লগত সন্ধি কৰে এটা স্বৰ্তত যে , এতিয়া মাবিয়া মক্কাৰ খলিফা হ'ব পাৰিব যদিও মাবিয়াৰ পিছত হুছেইন মক্কাৰ খলিফা হব।

তাৰ পিছত আহিল মহৰম মাহৰ দহ তাৰিখ। ইছলাম ধৰ্মৰ ইতিহাসত এটি কৰুণ শোকৰ দিন হিচাপে লিপিবদ্ধ হ'ল।
হাছানক বিহ খুওৱাই হত্যা কৰা হ'ল। মাবিয়াৰ অসৎ চৰিত্ৰৰ উচ্ছৃঙ্খল ঘোৰ মদপী বিশ্বাসঘাতক সন্তান ( কুফা নগৰৰ শাসন কৰ্তা) এজিদৰ পৰামৰ্শ ক্ৰমে মন্ত্ৰী ওবায় দুল্লাই সৈন্য-সামন্তৰে মাত্ৰ ৭২ জন সহচৰ ( আত্মীয় স্বজনকে ধৰি) হুছেইনে কুফা নগৰত অহাৰ পথত ইউফ্ৰোটিচ নদীৰ পাৰত আৱদ্ধ কৰিলে। এফালে দীৰ্ঘ পথ যাত্ৰা কৰাৰ ক্লান্তি আৰু অনাহাৰ- অনিদ্ৰাত শৰীৰ দুৰ্বল, আনহাতে সন্মুখত পানী থকা সত্বেও এক বিন্দু পানীৰ বাবে হাহাকাৰ। মৰুভূমি কাৰবালা প্ৰান্তৰ ইউফ্ৰোটিচ নদীৰ পাৰত হায় হুছেইন হায় হুছেইন কৰি শত্ৰু সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰায় সকলোৱেই শ্বহীদ হ'ল।

কণিষ্ঠ সন্তান আজগৰক কোলাত লৈ শত্ৰুৰ ওচৰত গৈ হুছেইনে এক বিন্দু পানী প্ৰাৰ্থনা কৰাত এজন সৈন্যই তীৰ নিক্ষেপ কৰি সন্তানটিক হত্যা কৰে। এই অসহনীয় শোক সহ্য কৰিব নোৱাৰি বল-বিক্ৰমেৰে যুদ্ধ কৰি কৰি এসময়ত হুছেইন মাটিত ঢলি পৰে ; সেই সুযোগতে শত্ৰু শ্বেমৰে হুছেইনক বধ কৰি নিষ্ঠুৰ ভাবে গৰ্দন( মূৰ) কাটি নিয়ে।

এনেকৈ সত্য, ন্যায়- নীতি, ইছলামৰ আদৰ্শ স্থাপন কৰিবলৈ গৈ অত্যাচাৰী, নিষ্ঠুৰ শাসকৰ হাতত হজৰত মহম্মদ ( ছঃ) ৰ দুই নিষ্ঠাবান নাতি হাছান ,হুছেইন শ্বহীদ হৈছিল মহৰম মাহৰ দহ তাৰিখে।

চিঁয়াপন্থী মুছলমান সকলে হাছান হুছেইনৰ সমাধিৰ প্ৰতীক হিচাপে ৰংবিৰঙৰ তাজিয়া বনাই আজিৰ দিনটোত হায় হুছেইন হায় হুছেইন বুলি কৈ শোক মিছিল কৰে । লাঠি খেলৰ জৰিয়তে যুদ্ধাভিনয় কৰি শোকৰ দিনটোক সোঁৱৰণ কৰে। আনহাতে সমগ্ৰ মুছলমান সমাজে এই শোকৰ দিনটোত গোটেই দিন উপবাসে থাকি, নফল নামাজ পঢ়ি, তচবিহ তেলোৱাত কৰি, পবিত্ৰ কোৰান শ্বৰীফ পাঠ কৰি শোক পালন কৰে। হাছান-হুছেনৰ কৰুণ মৃত্যুৰ যন্ত্ৰণাময় কাহিনী সুঁৱৰি সুঁৱৰি তেওঁলোকে দুফৰ মাতাম আৰু জাৰী গীত গায় । পৃথিৱীৰ সকলো ভাষাতে এই জাৰী গীতবোৰ গোৱা হয় যদিও আজান চাহাবে মহাপুৰুষ শংকৰদেৱৰ আৰ্হিত ৰচনা কৰা অসমীয়া জাৰী গীতবোৰ অতি উৎকৃষ্ট মানৰ। এইবোৰ অসমীয়া ভাষা-সংস্কৃতিৰ ধাৰক হিচাপে চিহ্নিত হৈ আহিছে। আনহাতে দুফৰি মাতাম গীতবোৰ অবিভক্ত গোৱালপাৰা জিলা বা দেশী অধ্যুষিত অঞ্চলসমূহত অতি পুৰণি কালৰ পৰা দেশী মুছলমান সকলৰ ভাষা- সাহিত্য- সংস্কৃতিৰ উৎকৃষ্ট উদাহৰণ হৈ পৰিছে।

হাছান-হুছেনৰ এই ত্যাগ, ধৈৰ্য, সাহস, ধৰ্ম- ন্যায়ৰ বাবে যুঁজ দি শ্বহীদ বৰণ কৰাৰ যি দৃষ্টান্ত- মূলক উদাহৰণ পৃথিৱীৰ বুকুত থৈ গ'ল, এয়া কেৱল ইছলাম ধৰ্মীয় সকলৰ বাবে নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে এক মহান আদৰ্শ হিচাপে ইতিহাসত চিৰদিন স্মৰণীয় হৈ থাকিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)