মানৱ ৰূপী দানৱ-সীতা দেৱী

Rinku Rajowar
0
বিধ্বংসী যজ্ঞৰ মহা নায়ক
জীৱ শ্ৰেষ্ঠ মানৱ,
আধুনিকতাৰ অহংকাৰত 
মানৱ ৰূপী দানৱ।
সোনোৱালী সপোন ছাৰখাৰ,
সেউজ সুন্দৰ প্ৰকৃতিক মাধমাৰ।
বানৰ তাণ্ডৱ,
কক্ষচ্যুত সৃষ্টিৰ হাবিয়াস
ক্ষত বিক্ষত মানৱতা
স্বাৰ্থপৰতা, বিশ্বাসঘাটকতা 
হিংসা, সন্ত্ৰাস, দুৰ্যোগ,মাৰি মৰকৰ
ৰম্যভূমি মোৰ দেশ।                                                   খোৱা কামোৰাৰ দুৰ্বাৰ যুদ্ধ
হতাশাগ্ৰস্ত যুৱ প্ৰজন্ম,
বিদ্ৰোহী মনত হাহাকাৰ
আলোকৰ বিপৰীতে যাত্ৰা,
তেজৰঙী কলিজা আজুৰি
অট্টহাস্যৰ আখৰা।
বিধ্বংসী যজ্ঞৰ মহানায়ক
জীৱ শ্ৰেষ্ঠ মানৱ,
মানৱ ৰূপী দানৱ।।

◾সীতা দেৱী, বিহপুৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)