ৰ'দৰ বৰষুণ-হেমেন হাজৰিকা 

©Admin
0
  ৰ'দৰ দবাপিটা বৰষুণ
     তিতি তিতি 
     হেৰুৱাই শালিকীজনী
     নিঠৰুৱা হ'ল ।

     ময়ো নিবোকা হোৱাৰ বাদে
     আন উপাই নেপালোঁ
     মৌনতাৰ নিৰবধি নৈৰ ঢৌ
     লেখি লেখি
 শালিকী জনীৰ কথাকে ভাবিছোঁ
  কিমান যে নি:সঙ্গ তাই ।।

   বৰ গৰম 
   এটা ডাৱ
    এগিলাচ কুঁহিয়াৰৰ ৰসৰ
     চাহিদা বাঢ়িছে ।

    তথাপিও
    শালিকী জনীৰ চিন্তা
   অহৰহ মোৰ চিন্তাত
   থিতাপি লৈছে ।।

            ✍️হেমেন হাজৰিকা
                  ৰাণী
                 কামৰূপ অসম
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)