চিন্তা -চেমিমা চুলতানা

©Admin
0
চিন্তা নামৰ গভীৰ সাগৰখনিত পৰি
ককবকাইছে জীৱনে;
পাৰত উঠি অহাৰ প্ৰয়াসতো
পুনৰ চিন্তাকে সাৱতিছে।

ৰং তুলিকাৰে ৰঙীন কৰিব বিচৰা 
জীৱনত চিন্তা নামৰ ঢৌটোৱে 
নমাই আনে নিৰাশা 
যাৰ সোঁতত উটি যায়
জীৱনৰ সমস্ত আশা।

চিন্তা বোৰৰ পিছত দৌৰি দৌৰি আজি 
জীৱনৰ আচল 
অৰ্থকে পাহৰিলো.... 
পোৱা নোপোৱাৰ 
চিন্তাকে বুকুত বান্ধি
এখোজ দুখোজ কৰি
জীৱনৰ বহুখিনি 
বাট বুলিলো।

              ✍️চেমিমা চুলতানা
                    মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)