মৰমৰ প্রেৰণা-নিতুমনি দাস

©Admin
0
মাকৰ ঘৰলৈ অহা কেইবাদিনো হ'ল বনানীৰ। কিন্তু , উভতি যোৱাৰ কথা এবাৰো ভৱাই নাই তাই। গিৰিয়েকে ফোন কৰিলেও ভাল দৰে কথা নাপাতে তাই। তাকে দেখি মাক মানসী চলিহাৰ ভিতৰি ভিতৰি চিন্তা হৈছে। মনৰ চিন্তা আঁতৰ কৰিবলৈ বনানীক মাকে সুধিলে__
 ঃবনানী অ' , ঘৰলৈ কেতিয়াকে যাম বুলি ভাবিছানো তুমি? জোৱাই কেতিয়া আহিব নিবলৈ ?
       
     মাকৰ কথাত বনানী জাঙুৰ খাই উঠিল আৰু ক'লে " মই থকাৰ পৰা তোমাৰ কিবা আমনি হৈছে নেকি অ' মা ? অহা দুদিন হোৱা নাই, তুমি যোৱাৰ কথা সুধিলা যে!মোক বেচি দিয়া নাই নহ'য় , বিয়া হে দিছা ।"
        
        তেতিয়া মাকে দুখ মনেৰে ক'লে "নহ'য় অ' বনানী , এটি নতুন জীৱনৰ পাতনি মেলিছা। গতিকে নতুন ঘৰখন গঢ়িবলৈ সময় লাগে প্রতিজনী নৱ বিবাহিতা মহিলাক । তেনে ক্ষেত্ৰত তই এই গুৰুত্বপূৰ্ণ সময়খিনি এইখন ঘৰত থাকি নষ্ট কৰাতকৈ তোমাৰ নতুন ঘৰখনত থকাতো বহুত জৰুৰী" । 
          মাকে কোৱা কথা খিনিত গুৰুত্ব নিদি বনানীয়ে নিজৰ অভিযোগবোৰহে গাই গ'ল -- "তোমালোকে কি দেখি মোক সেই খন ঘৰত বিয়া দিছিলা নাজানো দেই মা , মোৰ সেইখন ঘৰৰ মানুহ বোৰ অলপো ভাল নালাগে । মোৰ আৰু সেইখন ঘৰলৈ ঘূৰি যাবলৈ অলপো মন নাই । পুৱা ইমান সোনকালে উঠিব লাগে । পাক ঘৰৰ কাম, প্ৰত্যেক গৰাকীৰ ইচ্ছা অনুসৰি ৰান্ধিব লাগে, সকলোৰে উপদেশ মানিব লাগে, এনেকৈ নকৰিবা, তেনেকৈ কৰিবা, এনেকৈ থাকিবা, তেনেকৈ নহ'ব । আৰু যে ক'তো কি ! মোৰ যে বিৰক্তি লাগি যায়।"
       
             ইমানবোৰ নিয়ম নীতি হেনো বনানীয়ে খুব বেয়া পায় । সেয়েহে তাই মাকৰ ঘৰতে থকাৰ সিদ্ধান্ত কৰা বুলি মাক মানসী চলিহাক শেষ কথাষাৰ কৈ দিয়ে তাই ।

          গিৰিয়েক পৰাগ চলিহাই অহা যোৱা কৰি থাকিব তাইক লগ কৰিবলৈ । অন্যথা ভাড়া ঘৰত থকাৰ ব্যৱস্থা কৰা হ'ব পাৰে বুলিও তাই মাকক কয়। বনানীৰ কথাবোৰ মাকে মন দি শুনাৰ পিছত আকৌ মৰমেৰে বুজালে , " বনানী অ' নতুন ঘৰ খনৰ ৰীতি -নীতি আৰু নতুন পৰিবেশৰ লগত মিলিবলৈ প্রথমে টান লাগিবই । মই যেতিয়া বিয়া হৈ আহিছিলো , প্রথম অৱস্থাত মোৰো তোমাৰ দৰেই হৈছিল। অলপো ভাল লগা নাছিল । অনবৰতে মাৰ ঘৰ খনলৈ মনত পৰি আছিল। কিন্তু , লাহে লাহে সকলো ভাল লগা হৈ আহিছিল। আচলতে সকলোৱে উপদেশ নিদিয়ে মাত্র শিকায় যাতে তোমাৰ নতুন জীৱনটো আদৰি ল'বলৈ সহজ হয়। এই সমস্যা কেৱল তোমাৰে হৈছে বুলি নাভাবিবা। এনে সমস্যা সকলো ছোৱালীৰে হয় নতুন ঘৰ এখন নিজৰ কৰিবলৈ যাঁওতে। বনানী অ', গছ পুলি এটা ৰোপন কৰিলে যেনেদৰে সাৰ পানী দিব লগা হয়, আবদাল কৰিব লগা হয়, তেনেদৰে সম্পর্ক বোৰক সময় দিব লাগিব, বুজিব লাগিব, মৰম চেনেহ দিব লাগিব,এৰাধৰা কৰিব লাগিব, বুকুৰ হেঁপাহ ঢালি সম্পর্কবোৰ ডাঙৰ কৰিব লাগিব । তেতিয়াহে ঘৰখন মন্দিৰৰ দৰেই পবিত্র আৰু শান্তিপূর্ণ হৈ উঠিব। সেইখন ঘৰক তোমাৰ ঘৰ বুলি ভাৱিব পাৰিব লাগিব। প্রথমে তোমাৰ ফালৰ পৰা মৰমৰ হাত আগবঢ়াই দিবা - দেখিবা তোমাক ঘৰৰ সকলোৱে মৰমেৰে সাৱটি ল'বই। নিজৰ বুলি ভবা সৰু বস্তু এটালৈও যেনেদৰে আকুলতা থাকে তেনেদৰে সেইখন ঘৰক প্রথমে নিজৰ ঘৰ বুলি গ্ৰহণ কৰা । দেখিবা সকলো সহজ হৈ পৰিব।"
         
         বনানীয়ে মাকৰ বুজনিত স্তব্ধ হৈ ৰ'ল আৰু দুনাই ভাড়া ঘৰলৈ যোৱাৰ কথা মুখেৰে নোলাল ।

          ধৈৰ্য্যশীল মাকে ইমানতে থমকি নাথাকি পুনৰ বুজালে ---"প্ৰথমতে তুমি এশ শতাংশ চেষ্টা কৰা ঘৰখনক আপোন কৰিবলৈ। জীৱনৰ পৰীক্ষাৰ দৰে । গতিকে এইয়াও তোমাৰ পৰীক্ষা। এই পৰীক্ষাত উত্তীর্ণ হ'বলৈ কিতাপৰ জ্ঞানৰ প্রয়োজন নাই । প্রয়োজন আছে তোমাৰ ধৈর্য্য, বোধশক্তিৰ,মৰম, ভয়- ভক্তি , আত্মচেতনা আৰু বিনম্রতাৰ। এই গুণেৰে নতুন ঘৰখন সৰগী, মধুময় কৰি তোলা । তোমাৰ কাষত মই সদায় আছো । তোমাৰ প্ৰতি খোজত সাহস আৰু উৎসাহ দি যাম। তুমি সকলো দিয়াৰ পিছতো যদি তেওঁলোকৰ পৰা মৰম, সন্মান নোপোৱা তেতিয়াও মই তোমাৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে যুঁজ দি যাম। তুমি নিজক অকলশৰীয়া বুলি নাভাবিবা তোমাৰ কাষত মই আৰু দেউতাৰা সদায় আছোঁ।"

         বনানী গিৰীয়েক পৰাগ চলিহাক মাতি আনি সেই খন ঘৰলৈ আকৌ ওভতি যায় । মাকে কোৱাৰদৰে দায়িত্ববোৰ নিয়াৰিকৈ পালন কৰি যোৱাত বনানীহঁতৰ সংসাৰ সমাজত জিলিকি থকা হ'ল ।

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)