সচাঁয় আমি প্ৰকৃততে স্বাধীননে-আব্দুল কাদেৰ মিঞা

আমি স্বাধীন দেশৰ নাগৰিক কথাষাৰ শুনিলেই গৌৰৱ অনুভৱ হয়। ভাৰতবৰ্ষৰ দৰে এখন বিশাল স্বাধীন দেশত জন্ম গ্ৰহণ কৰাটো তেনেই এক সৌভাগ্যৰ কথা 
১৯৪৭ চনৰ ১৪ আগষ্টৰ দিনা দিল্লীৰ লালকিল্লাত নিশা বাৰ বজাৰ লগে লগে সমগ্ৰ ভাৰতীয়ই পৰাধীনতাৰ শিকলি চিঙি সগৌৰৱে উত্তালন কৰিছিল ভাৰতীয় তিৰংগা।
হাজাৰ হাজাৰ ভাৰতীয়ৰ প্ৰাণৰ বিনিময়ত আৰু কেঁচা তেজৰ বলিদানত বৃটিছ সাম্ৰাজ্যৰ পতন ঘটাই ভাৰতবৰ্ষৰ আকাশৰ বুকুত স্বাধীনতাৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল।
আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ১৫ আগষ্টৰ দিনা গোটেই ভাৰতবৰ্ষতে স্বাধীনতা দিৱস পালন কৰি আহিছে।

আজি স্বাধীনতা দিৱসে ৭৫ তম দিৱসত ভৰি দিলে।
কিন্তু দুখৰ বিষয় স্বাধীনতাৰ ৭৪ বছৰ পিছতো আমি ক'বলৈ কুণ্ঠাবোধ কৰোঁ সচাঁয় আমি প্ৰকৃততে স্বাধীননে?
যিটো স্বাধীনতা দিৱসক লৈ আপুনি স্বাধীন নাগৰিক ৰূপে  গৌৰৱ কৰে সেই স্বাধীনতা দিৱস আহিলে আপুনি শংকিত হৈ পৰে। কিজানি ক'ৰবাত কিবা হৈ যায়?
বাটে-পথে ওলাবলৈ ভয়।এখন স্বাধীন দেশত থাকিও যদি এনেকুৱা অনুভৱ কৰিব লগা হয় তেন্তে এয়া কিহৰ স্বাধীনতা?
স্বাধীনতা দিৱস মানে ইংৰাজৰ হাতৰ পৰা ভাৰতে স্বাধীন পোৱাৰ উৎসৱ।
ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি জন গণ  মন  ৰাষ্ট্ৰীয় সংগীত গাই ভাৰত মাতাক সন্মান জনোৱাৰ উৎসৱ।এই উৎসৱ কোনো ধৰ্মীয় উৎসৱ নহয়।এই উৎসৱ প্ৰতি জন ভাৰতীয়ৰ বিজয়ৰ উৎসৱ।এই দিনটোতে ভাৰতৰ দুশ বছৰীয়া সপোন পূৰণ হৈছিল। তাৰবাবে এই দিনটোত স্বাধীনতা সংগ্ৰামত ছহিদ হোৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰা হয়। আৰু এই সন্মান আৰু শ্ৰদ্ধা আমাৰ মনৰ পৰা স্বতস্ফূৰ্তভাৱে ওলাই আহে।তাৰ বাবে হয়তো আমি ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই স্কুললৈ দৌৰিছিলো। কিন্তু আজি সেই উৎসৱ উদ্দিপনা যেন ক'ৰবাত বিলুপ্ত হৈ গৈছে। আজিৰ স্বাধীনতা দিৱস বুলি ক'লে কিছুমানৰ বাবে যেন এটা বন্ধৰ দিন হৈ পৰিছে। প্ৰকৃততে স্বাধীনতা দিৱস মানে কোনো বন্ধৰ দিন নহয়। স্বাধীনতা দিৱস হৈছে এটা বিশেষ মৰ্য্যদাৰ দিন। কিন্তু আচৰিত কথাটো হৈছে এই দিনটো কেইজনে মৰ্য্যদাৰ দিন হিচাপে পালন কৰে? কবলৈ গ'লে ৰাজনৈতিক মহলাৰ পৰা আৰাম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে যেন পতাকা উত্তোলন কৰিয়েই দায়িত্ব সামৰে।এই স্বাধীনতা দিৱসটোৰ প্ৰতি আমাৰ যেন কোনো শ্ৰদ্ধাই নাই। কেৱল স্বাধীনতা দিৱস আহিলে ডাঙৰ ডাঙৰ ভাষণ দি নিজৰ কৰ্তব্য সামৰে। ইপিনে দুখীয়া , নিচলা , খাটি খোৱা শ্ৰেণীৰ মানুহ আজিও নিস্পেষিত হৈ ৰ'ল। এওঁলোকৰ ওপৰত কাৰো গুৰুত্বই নাই।
সকলোৱে স্বাধীনতা পোৱাৰ পিছতো সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহ আজিও বঞ্চিত হৈয়ে ৰ'ল প্ৰকৃত স্বাধীনতাৰ পৰা।
এওঁলোকে হয়তো আজিও নাজানে আচলতে স্বাধীনতা কি?
স্বাধীনতা মানে এওঁলোক ভোট দিয়াৰ অধিকাৰটোহে বুজে ইয়াৰ বাহিৰে আৰু একো নহয়। তেনেস্থলত আমি কোন স'তে কওঁ আমি সম্পূৰ্ণ স্বাধীন বুলি।
আমি ৰাজনৈতিক ফালৰ পৰা এতিয়াও যেন পৰাধীন হৈয়েই আছোঁ। লগতে ভাৰতবৰ্ষত অৰ্থনৈতিক দিশটো আজিও সম্পূৰ্ণ ৰূপে স্বাধীন হ'ব পৰা নাই।
মহাত্মা গান্ধীৰ সপোন আছিল ভাৰতবৰ্ষক  এখন অৰ্থনৈতিক ভাৱে সুস্থ সবল দেশৰূপে গঢ়ি তোলা।সেই বাবে মহাত্মা গান্ধীয়ে গ্ৰাম্য অৰ্থনীতিত গুৰুত্ব প্ৰদান কৰিছিল।
গ্ৰাম অৰ্থনীতিৰ ভেটি শক্তিশালী হলেহে দেশ এখনৰ অৰ্থনৈতিক ভেটি শক্তিশালী হ'ব। কিন্তু প্ৰকৃততে সেয়া এতিয়াও বাস্তৱত ৰূপায়িত হ'ব পৰা নাই। ভাৰতবৰ্ষ স্বাধীনতাৰ ৭৪ বছৰ পিছতো আজি অৰ্থনৈতিক ভেটি সবল নহ'ল। গ্ৰাম অৰ্থনীতি আজিও ক'ৰবাত পৰি ৰ'ল ।যাৰ বাবে দেশত নিবনুৱা সমস্যা , দৰিদ্ৰতা আদিয়ে জ্বলন্ত সমস্যা হিচাপে থাকি গ'ল।পূঁজীবাদী অৰ্থনীতিৰ ভাৱধাৰাৰ বাবে ধনী শ্ৰেণী সদায় ধনী আৰু দুখীয়া শ্ৰেণী সদায় দুখীয়া হৈ গৈ আছে আৰু তাৰ বাবে সমাজত দুটা শ্ৰেণীৰ সৃষ্টি হৈছে।যাৰ ফলত সমাজত ভেদাভেদ বাঢ়িছে।
শাসনৰ নামত শোষণৰ সন্মুখীন হ'ব লগা হৈছে দৰিদ্ৰ শ্ৰেণীৰ মানুহক।কৃষকৰ আত্মহত্যা তেনেই এক উদাহৰণ। শিক্ষাৰ ক্ষেত্ৰত এতিয়াও আমি বহু পিছ পৰিয়ে আছোঁ। এতিয়াও যেন সম্পূৰ্ণ ৰূপে শিক্ষাৰ ক্ষেত্ৰত স্বাধীনতা পোৱা নাই। বহু সংখ্যক লোক এতিয়াও নিৰক্ষৰ হৈয়ে আছে। ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত তেনেহলে উন্নতিৰ কথা কেনেকৈ ভাবিৱ পাৰি। য'ত সমাজ এখনৰ পৰিবৰ্তন নিৰ্ভৰ কৰে শিক্ষা ব্যৱস্থাৰ ওপৰত। শিক্ষা হৈছে দেশ এখনৰ পৰিবৰ্তনৰ মূল মন্ত্ৰ।
এই ক্ষেত্ৰত বৰ্তমান বিজেপি চৰকাৰে বহুতো আঁচনি মুকলি কৰিছে যদিও সম্পূৰ্ণ ৰূপে সফল হ'ব পৰা নাই।
মহাত্মা গান্ধীৰ সপোন আছিল ভাৰতবৰ্ষক এখন মেৰু বিভাজনকাৰী দেশ কৰি গঢ়ি তোলা। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক একতাৰ বান্ধোনেৰে সন্মান সহকাৰে জীয়াই থকা। কিন্তু বৰ্তমান সময়ত তাৰ এখন ওলোটা ছবিহে দেখিবলৈ পোৱা যায়। আজি সমাজত শান্তি সাম্প্ৰীতি নোহোৱা হৈছে।
ধৰ্মৰ নামত বিতৰ্ক।
বৰ্ণৰ নামত বিতৰ্ক।
সাম্প্ৰদায়িকতাৰ বিষ বিয়পাই জনসাধাৰণৰ উশাহ নিশাহ বন্ধ কৰি পেলাইছে যাৰ বাবে মানুহে আজি স্বাধীনভাৱে নিজৰ নিজৰ ধৰ্মও পালন কৰিবলৈ ভয় কৰা হৈছে।
বৰ্তমান সময়ত মানুহে ধৰ্মৰ নামতো শংকাত দিন কটাব লগা হৈছে। তেন্তে আমি স্বাধীন বুলি কেনেকৈ কওঁ।মুঠৰ ওপৰত ধৰ্মৰ ফালৰ পৰা আমি যেন পৰাধীন হৈয়ে আছোঁ। বৰ্তমান সমাজৰ অন্য এটা কাৰক হ'ল দুৰ্নীতি।দুৰ্নীতিৰ বাবে আজি এচামে খাবলৈ নাপাই লঘোণে মৰিছে আকৌ এচামে দুৰ্নীতি কৰি সা সম্পত্তিৰ পাহাৰ গঢ়িছে।
এই ক্ষেত্ৰত বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে  দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱাত পৰিস্থিতি বহুত নিয়ন্ত্ৰণৰ দিশে আগবাঢ়িছে যদিও সম্পূৰ্ণ ৰূপে সফল হোৱা নাই।
সমাজত এতিয়াও অন্যায় অবিচাৰ হৈয়ে আছে।
নিৰ্যাতন , ধৰ্ষণ , হত্যা , হিংসা দিনে দিনে বৃদ্ধি হৈয়ে আছে।এনে সমস্যাৰ ফলত সমাজখনত দিনে দিনে অশান্তিৰ সৃষ্টি হৈ আছে।
সঘনাই দেখি থকা ঘটনাবোৰে মানুহক অতংকিত কৰি ৰাখিছে।
নাৰীৰ হৃদয়ৰ কৰুণ বিননী , কন্যা শিশুৰ ভ্ৰূণ হত্যা , যৌতুকৰ বাবে হত্যা, ডাইনী হত্যা এইবোৰ সমস্যা সমাজখনত ভৰি পৰিছে।ইমানবোৰ সমস্যাৰে ভৰি থকা দেশ এখনৰ জনতা কেনেকৈ স্বাধীন হ'ব পাৰে। বৰ্তমান দেশৰ অতি গুৰুত্বপূৰ্ণ সমস্যা সমুহৰ ভিতৰত মূল্য বৃদ্ধি এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।দেশ স্বাধীন হোৱা ৭৪ বছৰ অতিক্ৰম কৰিলে এই সময়ত কিমান চৰকাৰ আহিল আৰু গ'ল কিন্তু মূল্য বৃদ্ধিৰ স্থায়ী সমাধান কোনো ৰাজনৈতিক দল সংগঠনে কৰিব নোৱাৰিলে। তথাপিও প্ৰতি বছৰে স্বাধীনতা দিৱস উলহ মালহৰে পালন কৰা হয়। আৰু দেশৰ প্ৰতি সন্মান জনাই আমি স্বাধীনতা দিৱস পালন কৰিবই লাগিব।
দেশ স্বাধীন হোৱাৰ পিছতো যদিও এইবোৰ সমস্যা কোনো ৰাজনৈতিক দল সংগঠন বা  ৰাজনৈতিক নেতায় সমাধান কৰিব নোৱাৰে তেন্তে এয়া কিহৰ স্বাধীনতা।
দেশৰ দুৰ্নীতি , হত্যা আৰু ধৰ্ষণৰ ওপৰত যিদৰে বৰ্তমান বিজেপি চৰকাৰে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছে এয়া এক প্ৰসংশনীয় পদক্ষেপ। এনেদৰে আইনী ব্যৱস্থা কঠোৰ কৰি ভাৰতবৰ্ষক এদিন প্ৰকৃত স্বাধীনতা দিব পাৰিব।
কেন্দ্ৰীয় চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱ (Azadi ka Amrit Monostav) উপলক্ষে দেশজুৰি আয়োজন কৰা হৈছে ' হৰ ঘৰ তিৰংগা অভিয়ান।
কেন্দ্ৰীয় চৰকাৰৰ এই অভিযানক সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সমৰ্থন কৰি আজি সৰ্বস্তৰৰ নাগৰিকে ঘৰে ঘৰে পতাকা উত্তোলন কৰি যেন গৌৰৱ অনুভৱ কৰিছে। চৰকাৰৰ এনে আঁচনি সমুহৰ দ্বাৰা দেশৰ প্ৰতিজন নাগৰিকৰ অন্তৰত দেশ প্ৰেম জাগ্ৰত হৈ উঠিছে। হয়তো এইদৰেই এদিন আমাৰ মাজতো  স্বাধীনতা আহিব। প্ৰতিজন নাগৰিকে সন্মান সহকাৰে জীয়াই থকাৰ সুবিধা পাব।
জয় হিন্দ।

◾আব্দুল কাদেৰ মিঞা(দ: শালমাৰা মানকাচাৰ)
যোগাযোগ:+918472880283

Post a Comment

Previous Post Next Post