অন্ধকাৰ ময়
পোহৰ বিহীন
মাথোঁ এটি শব্দ ভয়
যিয়ে নেকি মোক
কৰি আহিছে ত্ৰাস
নিদিয়ে মোক
হ'বলৈ প্ৰকাশ
জীৱনৰ প্ৰতিটো খোজতে
লাগে মোৰ ভয়
জানোবা কোনোবাই
মোক কিবা এটা ক'য়
তথাপিও বাৰু
বুকুত সাহস গোটাই
ভয়ক নেওচি
যাব লাগিব আগুৱাই
সেয়েহে লাগিব
মোক আত্মবিশ্বাস
যিয়ে নেকি কৰিব
ভয়ক শেষ নিঃশ্বাস
◾ মৃণ্ময় পাতৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ