টমেটৌ ফ্লু ( Tomato Flue) - অম্লান জ‍্যোতি কোচ

©Admin
0
শৰীৰটো ভালে ৰাখিবলৈ সাধাৰণতে ডাক্তৰে আমাক বিলাহী খাবলৈ উপদেশ দিয়ে।কিন্তু সাধাৰণতে আমি বিলাহী খাদ্যত সোৱাদ বৃদ্ধি কৰিবলৈহে ব্যৱহাৰ কৰোঁ।আমি ইয়াত বিলাহীৰ বাঢ়ি থকা দামকলৈ চিন্তা কৰি থাকোঁতে ভাৰতত টমেটৌ ফ্লু ( Tomato Flue) নামৰ সংক্ৰমণ সুচৰা বেমাৰ বিয়পিছে।এই বাৰ্তাই যদিও আতংকৰ সৃষ্টি কৰিছে।ভয় কৰিব নালাগে।এই ভয়ানক বেমাৰৰ লগত বিলাহীৰ কোনো সম্পৰ্ক নাই।গোটেই বিশ্ব ক'ৰোনা মহামাৰীৰ আতংকৰ পৰা মুক্ত এতিয়াও সম্পূৰ্ণৰূপে হোৱা নাই। নতুন নতুন বেমাৰৰ সংক্ৰমণ হোৱাৰ ভয়ানক বাৰ্তাৰে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।যাৰ বাবে দেশৰ সাধাৰণ জনতাই ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ভয় কৰা হৈছে।

টমেটৌ ফ্লু কি?

টমেটৌ ফ্লু হৈছে এবিধ সংক্ৰমণ বেমাৰ।ইয়াৰ ফলত শৰীৰৰ যিকোনো অংশ গোল গোল ৰঙা বিলাহীৰ নিচিনা দাগ দেখা যায়।এই বেমাৰ এতিয়ালৈকে কেৰেলাতহে দেখা পোৱা গৈছে।এই ৰোগ ৫ বছৰতকৈ কম বয়সৰ শিশু সকলৰ মাজত দেখা পোৱা গৈছে।
ৰোগৰ কাৰণ-- 

এই ৰোগৰ কাৰণ বৰ্তমানলৈকে অজ্ঞাত।বৈজ্ঞানিককে ইয়াৰ কাৰণ উলিয়াবলৈ বহু পৰীক্ষা- নিৰিক্ষা কৰি আছে।
বহুত বৈজ্ঞানিকে ইয়াক চিকেনগূনিয়া আৰু ডেংগুৰ কাৰণে হৈছে বুলি ধাৰনা কৰিছে।

ৰোগৰ লক্ষণ --
এতিয়ালৈকে সন্মুখত দেখা টেমাটৌ ফ্লুৰ লক্ষণ সমুহ হৈছে।
১/তীব্ৰ জ্বৰ 2/বিলাহীৰ দৰে ৰঙা ৰঙা দাগ।৩/1গাত খজুৱতি ৪/হাড়ৰ মাজত গাঁঠি বোৰত ফুলি উঠা।

টমেটৌ ফ্লুৰ চিকিৎসা- 
এতিয়ালৈকে ইয়াৰ কোনো দৰব আবিষ্কাৰ হোৱা নাই। এই হোৱা ৰোগী জনৰ পৰা দূৰত্ব বজায় ৰখাই ভাল।
এই ৰোগৰ আটাইতকৈ বেয়া দিশটোৱে হৈছে, ৰোগীৰ গাত পানীৰ পৰিমাণ বহু পৰিমাণে বাঢ়ি যায়।সেই বাবে সঘনাই ৰোগীয়ে পানী খোৱাটো অতিকৈ দৰকাৰী।ফলৰ ৰস সঘনাই খোৱাব লাগে।ৰোগীক অতি সোনকালে ডাক্তৰৰ ওচৰলৈ নিব লাগে।

✍️অম্লান জ‍্যোতি কোচ
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)