নাৰকীয় যন্ত্ৰণা -ৰঞ্জু গায়ন বৰুৱা

©Admin
0
হঠাতে আহিল কালৰূপী বান,
মোৰ হৃদয়ত ফুলি থকা ফুলনি ডৰা তচনচ কৰি পেলালে ।
বিচৰা নাছিলো মই মহা প্ৰলয় ,
য'ত আছিল কেৱল খং আৰু ক্ষোভৰ বেগ ।
বিচাৰিছিলো সমগ্ৰ অসমতে এটি শান্তিৰ পৰিৱেশ,,
চৌদিশে মৰম ,স্নেহবন্ধনৰ মুকুটাৰ মালা 
ন'হল সফলতা ,
কেৱল ক্ষোভৰ অনলত দাহ গ'ল হৃদয়,
নাথাকিল মন মগজুৰ ভাৰসাম্যতা,
ভাঙি গ'ল মৰমে সাজি ৰখা নিলয়,
ভাঙি গ'ল বহুতৰে সুখৰ সংসাৰ ।
কৰা নাছিলো মই এনে আশা ।
অজানিতে ৰাতিটোৰ ভিতৰতে
ঘটি গ'ল ক'ব নোৱাৰাকৈ 
নঘটিব লগীয়া বহুতো ঘটনা
ভূগিছো আজি মই নাৰকীয় যন্ত্ৰণা ।
 

◾ৰঞ্জু গায়ন বৰুৱা ( নামৰূপ )
ফোন নং - ৯৯৫৪১২৬৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)