১৮১৩ চনৰ চনদ আৰু এক লাখ টকা- অভিজিত তামুলী

©Admin
0
অতীতৰ শিক্ষা ব্যৱস্থাৰ ইতিহাসৰ পাত লুটিলাই চালে দেখা যায় যে এটা সময়ত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা উন্নত মানৰ নাছিল।মাত্ৰ থলুৱা কিছুমান শিক্ষা ব্যৱস্থা যেনে- গুৰুকূল,টোল,পাঠশালা লাহে লাহে মোক্তাব,মাদ্ৰাছা আদিবোৰেহে মাত্ৰ শিক্ষা প্ৰদানৰ দায়িত্ব গ্ৰহণ কৰিছিল।যেতিয়া ভাৰতবৰ্ষত লাহে লাহে মিছনেৰী সকল আৰু ব্ৰিটিছ সকলৰ আগমন ঘটে তেনেসময়তে ভাৰতীয় শিক্ষা ব্যৱস্থালৈ অলপ পৰিৱৰ্তন আহে।কিন্তু সেই পৰিৱৰ্তন এটা দিন বা এটা বছৰৰ অন্তত হোৱা কাৰ্য নাছিল।বহু বছৰৰ অন্তত হোৱা ভাৰতীয়সকলৰ আপ্ৰাণ প্ৰচেষ্ঠাত আজিৰ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সূচনা হয়।
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত যেতিয়া থিতাপি লয় তেতিয়া ভাৰতত থকা মিছনেৰীসকলক ধৰ্ম আৰু শিক্ষা প্ৰচাৰৰ কামত বাধা আৰোপ কৰিছিল।যাৰ ফলত বহু ভাৰতীয় আৰু আন আন মানুহবোৰ ক্ষুব্ধ হৈ পৰিল।সেই সময়তে ভাৰতত ইংৰাজ প্ৰশাসন ব্যৱস্থা অতি সুদৃঢ় হোৱাত শাসক সকলে শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণক লৈ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছিল।এনে এটা বিবাদকালীন সময়তে দেশৰ প্ৰাচ্যপন্থী,পাশ্চাত্য পন্থী আৰু চৰকাৰৰ তিনিওটা দলকে যাতে সন্তুষ্ট কৰিব পাৰে আৰু ভাৰতৰ শিক্ষা খণ্ডৰ উন্নতি সাধন কৰিব পাৰে তাৰ বাবে চাৰ্লচ গ্ৰাণ্টৰ প্ৰচেষ্টাত ১৮১৩ চনত চাৰ্টাৰ আইন গৃহীত কৰি আইনৰ ৪৩ নং ধাৰাত কোৱা হ'ল যে- "এতিয়াৰে পৰা প্ৰত্যেক বছৰে ভাৰতীয় সাহিত্যৰ পুনৰুত্থান আৰু উন্নয়নৰ কাৰণে শিক্ষিত ভাৰতীয়লোক সকলক উৎসাহিত কৰি ইংৰাজসকলৰ অধীনত থকা অঞ্চলৰ লোকসকলৰ মাজত বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণ আৰু প্ৰগতিৰ বাবে এক লাখ (১,০০০,০০)টকা আছুটীয়াকৈ ৰখা হ'ব।"(It shall be lawful for the Governor General in Council to direct that out of any surplus which may remain of the rents, revenues and profits arising from the said territorial acquisitions after defraying the expenses of military, civil and commercial establishment and paying interest of debt, in manner hereinafter provided a sum of not less than One Lakh of rupees in each year shall be set apart and applied to the revival and improvement of literature and the encouragement of the learn natives of India and for the introduction and promotion of knowledge of the science among the inhabitants of the British territories in India)
এই আইন গৃহীত হোৱাৰ পাছতে ভাৰতীয় শিক্ষাত অন্য এক নতুন অধ্যায়ৰ পাতনি মেলে।সকলো ভাৰতীয় নাগৰিকে এই ব্যৱস্থাত সমৰ্থন আগবঢ়ায়।কিয়নো ভাৰতীয় ভাষা-সাহিত্যৰ ওপৰত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে গুৰুত্ব প্ৰদান কৰিছে।কিন্তু দেখা পোৱা গ'ল যে কোম্পানীয়ে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ইচ্ছা প্ৰকাশ নকৰিলে।যাৰ ফলত ১৯ শতিকাৰ আৰম্ভণিতে শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কোনো প্ৰচেষ্টা গঢ়ি নুঠিল।সেইয়ে নিৰ্দ্ধাৰিত এক লাখ টকা শিক্ষাৰ কাৰ্যত খৰচ কৰাৰ বাবে এক বিবাদৰ সৃষ্টি হ'ল।য'ত তিনিটা ভিন্ন মত দলৰ জন্ম হ'ল।এটা দলে ভাৰতবৰ্ষৰ পুৰণি সংস্কৃত আৰু আৰবী ভাষাক গুৰুত্ব আৰোপ কৰিলে আনহাতে অন্য এটা দলে আধুনিক ভাৰতীয় ভাষা-সংস্কৃতিৰ বিকাশত সমৰ্থন জনায়।আকৌ অন্য এটা দলে পাশ্চাত্যৰ ইংৰাজী ভাষা-সাহিত্য আৰু বিজ্ঞানৰ বিকাশ হোৱাটো বিচাৰিছিল।তাৰ লগে লগে ভাৰতীয় শিক্ষাৰ লক্ষ্য-উদ্দেশ্য কি হ'ব?কেনেকুৱা হ'ব?কি মাধ্যমত শিক্ষা প্ৰদান কৰিব?ইয়াৰ দায়িত্ব কোনে ল'ব এনেধৰণৰ বহুটো মতানৈক্যৰ সৃষ্টি হ'ল।
আকৌ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং ধাৰাৰ সম্পৰ্কটো বিভিন্নজনৰ মাজত মতভেদৰ সৃষ্টি হয়।মতভেদৰ এটা পন্থা যিসকলে ইংৰাজী সাহিত্যক গুৰুত্ব প্ৰদান কৰে আনহাতে ভাৰতীয় ভাষা-সাহিত্যৰ সমৰ্থনত থকা প্ৰাচ্য পন্থীসকলে ভাৰতীয় ভাষা-সাহিত্যক গুৰুত্ব প্ৰদান কৰে।আৰু এই দুয়োটা দলৰ মাজত হোৱা বিবাদকে প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ বুলি জনা যায়।এই বিবাদৰ ফলস্বৰূপে ২২ বছৰ দিন এই এক লাখ টকাৰ ওপৰত বাক-বিৰ্তক চলি থাকিল।অৱশেষত জেনেৰেল কমিটি অৱ পাবলিক ইঞ্চট্ৰাকচনৰ সভাপতি লৰ্ড মেকলে সম্পূৰ্ণ কথাবোৰ আলোচনা আৰু চালি-জাৰি চাই এখন মাইনুট তৈয়াৰ কৰি এই বিবাদৰ সফল সমাপ্তি ঘটায়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)