হঠাৎ মোৰ মৃত্যুৰ খবৰ- হাফিজ গিয়াছউদ্দিন আহমেদ

জন্মৰ পাছত মৃত্যু আছেই।সেই মৃত্যুৰ পৰা কোনেও হাত সাৰিব নোৱাৰে।
হঠাৎ মোৰ মৃত্যুৰ খবৰ পাই মোৰ আত্মীয় স্বজন, বন্ধু বান্ধবে হয়তো লৰা-লৰিকৈ আহি মোৰ প্ৰাণহীন দেহটোৰ ওচৰত আহি ৰৈ থকাৰ বাহিৰে একোৱেই কৰিব নোৱাৰিব। মোৰ সবাতোকৈ আপোনবোৰে মোৰ কাষতে কান্দিব মই তেওঁলোকক দেখা পাম মই তেওঁলোকৰ কান্দোনৰ শব্দ শুনিবলৈ পাম। তেওঁলোকে মোৰ মাত, শব্দ শুনিব নোৱাৰিব। মই তেওঁলোকৰ ওচৰত যাম বুজাম যে মোৰ একোৱেই হোৱা নাই সেইদিনাৰ বুজ কোনেও নল'ব। মই আচৰিত হৈ পৰিম। কি হ'ল মোৰ!আজি কিয় ইমান মানুহ আহি মোৰ মুখলৈ চাই কান্দিছে কি হ'ল মোৰ!মই দেখোন সকলোকে দেখিছো সকলোৰে কথা শুনিছো, মোৰ কথা কিয় শুনা নাই কোনেও কি হল ? কিছুমানে আকৌ ক'ব বেছি সময় মৃত দেহ ৰাখিব নালাগে। সামাজিক ৰীতি নিয়ম অনুযায়ী মোৰ মৃত দেহ সৎকাৰৰ কাৰণে লৈ যোৱা হ'ব মই ভাবি থাকিম কি হ'ল মোৰ!মোৰ শৰীৰ এঠাইত মই কিয় আন ঠাইত!মোৰ শুভাকাংক্ষীয়ে মোৰ ভাল গুণবোৰৰ কথা আলোচনা কৰিব। হয়তোবা কোনোবাই আকৌ মানুহজন বহুত ভাল আছিল ক'ব। সকলোৰে কথা মই শুনিবলৈ পাম কিন্তু সেইদিনা মোৰ কথা কোনেও নুশুনে। তেতিয়াই হয়তোবা মোৰ অনুভব হ'ব;মোৰ মৃত্যু হ'ল!! সামাজিক ৰীতি নিয়ম অনুযায়ী মোৰ মৃত দেহ যেতিয়া জানাযাৰ কাৰণে ৰাস্তাৰে লৈ যোৱা হ'ব মই আনন্দত আত্মহাৰা হ'ম কিয়নো মোৰ পিছফালে বহুত মানুহ মোৰ লগত যাবলৈ আহিছে।জানাযা শেষ হোৱাৰ পিছত মোৰ মৃত দেহ কিছুসংখ্যক মানুহে কবৰস্থ কৰিবলৈ লৈ যাব আৰু কিছুসংখ্যক মানুহে জানাযা শেষ কৰি ঘৰলৈ উভতি যাব। তেতিয়াও মই ভাবিম কিছুসংখ্যক মানুহে হে ঘৰলৈ উভতি গ'ল, আৰু কিছুসংখ্যক মানুহতো মোৰ মৃত দেহৰ লগতে যাবই মই কিয় ভয় কৰি আছো। যেতিয়া নেকি মোৰ মৃত দেহটো চাৰিজনে কবৰস্থ কৰাৰ সময়ত দুজন মোৰ ক্ববৰৰ বাঁহৰ কামি ঠিক কৰি থাকিব তেতিয়া মই ভাবিম কোনো যদি মোৰ লগত নাযায়ো তেন্তে মোৰ আপোন এই দুজন ব্যক্তি মোৰ লগত থাকিবই। অৱশেষত সেই দুজনো যেতিয়া কবৰৰ পৰা উঠি আহিব তেতিয়া মই ভাবিম কোনো কাৰো আপোন নহয়। অৱশেষত সকলোৱে যেতিয়া মোক কবৰস্থ কৰি নিজৰ নিজৰ ঘৰলৈ উভতি যাব। তেতিয়া মই অকলশৰে কান্দিম আৰু ক'ম নিজক নিজে যে কোনো কাৰো আপোন নহয়। আপোন মাত্র মোৰ সৎ কৰ্ম হে সেয়ে মোক সকাহ দিব সেইদিনা।


হাফিজ গিয়াছউদ্দিন আহমেদ

Post a Comment

Previous Post Next Post