নাচি ভালপোৱা ছোৱালীজনী-অনামিকা দাস

Rinku Rajowar
0
নাচি ভালপোৱা ছোৱালী জনী।
তাইৰ নাচত ভাঙে ককাঁল;
উলাহত উৰে মন।
ঢোলৰ চেৱত ৰʼব নোৱাৰা
নাচি ভালপোৱা ছোৱালী জনীৰ মন উৰণীয়া।


তাইৰ হাতৰ ভাঁজত
নাচৰ চেঁও 
যেন বতাহৰে ঢৌ।

নাচি ভালপোৱা  ছোৱালী জনী
নাচে বিহুতলীত
নাচে ঘৰৰ পদূলিত
মনো যেন নাচনী।
ঢোলৰ মাতত
তাইৰ কঁপে দুভৰি 
যেন এই এপাকতে দিব‌ই নাচি।

নাচি ভালপোৱা ছোৱালী জনীয়ে নাচি যায়।
মাথো এতিয়া তাইক 
জীৱনে নচুৱায়।
ঢোলৰ চেঁও ক'ৰবাতে ৰয়।
জীৱনৰ যান জোটে 
নাচৰ সুৰ হয়।

নাচি ভালপোৱা 
উৰণীয়া
মনটোহে জানো কেনিবা হেৰায়।

◾অনামিকা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)