পখিলি
(মৰমেৰে মুনু)
জেতুকাবুলীয়া হৃদয়খনৰ অলেখ ভালপোৱাৰ বাবেই তোমালৈ আকৌ লিখিবলৈ সাহস পাইছোঁ। শৰতৰ পূৰ্ণিমাৰ ৰাতি শেৱালি জোপাৰ তলত বহি তোমাৰ কথা ভাবিছোঁ। কোৱা - নোকোৱাৰ দোমোজাত ওলমি থকা শব্দবোৰ মালা গাঁঠি তোমালৈ পঠাইছোঁ।
বহুদিনেই হ'ল তোমালৈ নিলিখা। এই যে শব্দবোৰ ওখোৰা-মোখোৰা। ভাবোঁ কিবা, লিখোঁ কিবা।
সেই যে কথা আছিল তুমি দাৱনী হোৱা, হাতিশালি বৰধানে মোৰ কান্ধৰ বিৰিয়াত নাচিব।
(তুমি অহা হ'লে দুপৰীয়া ৰ'দত পথাৰৰ আলিত বহি ৰবাব টেঙাৰ জুতি ল'লোহেঁতেন।)
শাওঁনৰ দলনি পথাৰৰ চেলাপাটি জোককেইটাই আঘোণত কৰিব নেকি আমনি! কাতিৰ সোতাই(কাতি মাহৰ বৰষুণে) সোনালী সপোনত আউল লগালে। হিমশীতল বতাহছাটিয়ে কপঁনি তুলি থৈ যায় শীৰ্ণকায় দেহাত। ডাঙৰীভাৰেৰে ঘৰমূৱা হওঁতে পথাৰখনলৈ চাওঁ, কিজানিবা তোমাক দেখা পাওঁ। সন্ধিয়াৰ পথাৰত একোকে নমনি, কুৱঁলীয়ে বাট ভেটি শীতৰ খবৰ দিয়েহি। তথাপি কানখন সজাগ কৰোঁ, কিজানিবা কাঁচিৰ শব্দ শুনোঁ আৰু সেইগৰাকী তুমিওটো হ'ব পাৰা পখিলি।
পখিলি, তুমি কুশলে আছাটো!
হৃদয়ৰ পখিলি,
বুটাবছা সপোনৰ বৰণ সোনালী।
এই যেন হেৰাই যাম,
মায়ালগা সপোনৰ ভাঁজে ভাঁজে।
ছথৰীয়া ডাঙৰীৰ ভৰে ক'লা কৰা মৰাকান্ধ, তমালৰ ধাৰে কটা হাতৰ বুঢ়া আঙুলিৰ আৰ্তনাদ। নিদ্ৰাদেৱীক নিমন্ত্ৰণ জনাই সোনকালে দিনৰ অৱসাদে। সেয়েহে কলম সামৰি থ'লো। আশাকৰোঁ তোমাৰ ব্যস্ততাভৰা জীৱনৰ কিছু আহৰি উলিয়াই চিঠিখন পঢ়িবা, পঢ়ি তুমি মোলৈ লিখিবা সোনালী সপোনৰ কথা।
কুশলে থাকা..........
ইতি
তোমাৰ........
✍পাপু শইকীয়া
চিনাতলী (গোলাঘাট)
ভ্ৰাম্যভাষঃ ৯৮৬৪৫০২৮৭৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ