তীব্ৰবেগী ধুমুহাজাক মই
ভঙা দুৱাৰৰ বুকুত নিঃশব্দে
উচুপি ৰৈছিলো নভোমণ্ডলে
পিন্ধিছিল কলীয়া
অম্বুবাহী চোলা ।
আকাশে বতাহে বলিছিল
কেৱল অন্ধকাৰৰ মাতাল
হাঁহি আৰম্ভ হৈছিল
ধংস লীলা ।
শূণ্য বুকুত বৈ গৈছিল
চকুলোৰ বন্যা শব্দই
হেঁৰাইছিল দিশ চিয়াঁহীয়ে
ঢুকি পোৱা নাছিল
ৰহস্যৰ ঠিকনা ।
কেৱল জখলা বগাই
আহিছিল একলম চিয়াঁহীৰ
মৌনতা ।
✍️ হীৰক কলিতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ