নিগৰো মই
নিজৰা হৈ
কুলু কুলু মাতে
আদৰণি জনাওঁ
সকলোকে বিশাল
বৰ্ষা অৰণ্য লৈ ।
উৰণীয়া মন
মোৰ আঁতি আঁতি
নোৱাৰি বান্ধিব
শিকলিৰে ,
পৰা যদি
তুমি মোক মাটিৰে
লেপি দিয়া
সুৰুঙা নথকাকৈ
যাতে নিগৰি নাযাওঁ
মই বোৱতী নিজৰা হৈ
◾ৰঞ্জু গায়ন বৰুৱা
নামৰূপ
ফোন নং - ৯৯৫৪১২৬৩৪৬
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ