গধূলি সনা আবেলিত
পথাৰৰ মাজত তুমি মই
আকাশৰ বিশালতা বিচাৰি
কল্পনাৰ ৰঙীন সূতাত
সযতনে গাঁথিছো ভালপোৱাৰ
অভিলাষী মালা ।
দিগন্তত উৰি যোৱা চৰাই জাক দেখি
উচ্ছাসত মতলীয়া হৈছোঁ -
"সৌৱা সৌৱা চোৱা!"
সিহঁতৰ দৰেই মিলি যাওঁ আমি দুয়ো ,
কেতিয়াবা দুহাত ভৰাই তুলি আনিছা
আবেলিৰ কুমলীয়া ৰ'দ সনা মেটেকা ফুল
ফুল হাতে মোলৈ চাই
দুটি ওঁঠত বিৰিঙে স্নিগ্ধ হাঁহি
কিমান যে নিৰ্মল সেই হাঁহি
কিমান যে মিঠা সেই অনুভূতি
চাই থাকোতেই চকু জুৰায় ।
এয়া কি! আজি হেৰাই গ'লো স্মৃতিৰ পাতত !
উভটি গৈছো অতীতৰ দিনবোৰত!
নহয়! আৰু উভটিব নিবিছাৰোঁ
অশ্ৰু নদী বোৱাব নিবিছাৰোঁ
এই ক্ষতি হোৱা হৃদয়ত,
পাহৰিব বিচাৰিছো, মুক্তি বিচাৰিছো
সেই ভালপোৱাৰ বান্ধোন
যিয়ে প্ৰয়োজন শেষত দলিয়াই দিয়ে
ক্ষণস্থায়ী সুখ - প্ৰত্যাশাত ।।
■মাৰ্জিনা বেগম
বৰপেটা