অথবা- পৰেশ দাস

©Admin
0
সকলোতেই অথবাবিহীন জীৱনটোৱে যেন অচল
দৈনিক তালিকাৰ ভিতৰত অথবাবিহীন সংসাৰেই নকল...!

হে ৰা শুনিছা? আজি মাংস অথবা মাছ-চাছ কিবা এটা আনিবা,
ল'ৰাটো ডাঙৰ হৈ আহিছে
কিবা এটা সোনকালেই কৰা
অথবা মোকেই কৰিবলৈ দিয়া,
তুমি ভীৰু হৈ থাকা..!

শুনিছোঁ তোমাৰ ফলাফল ভালেই
কলা শাখাত নপঢ়িবা
বিজ্ঞান শাখাত পঢ়া অথবা বাণিজ্য শাখাত পঢ়ি বেংকৰ চাকৰি লোৱা!

সকলোতেই অথবা
জীৱনত অথবা
যৌৱনত অথবা
পৰীক্ষা প্ৰশ্ন কাকতত অথবা
মানুহৰ মুখেৰে সোধা প্ৰশ্নত অথবা
কাৰোবাৰ পৰামৰ্শত অথবা
কি খাবা, কি চাবা 
আচৰিত কাৰবাৰ!
সকলোতেই অথবা!!

মাজনী ভাত খাই স্কুললৈ যোৱা
অথবা ফ্ৰীজত ৰাতি থৈ দিয়া কেক আছে তাকে খোৱা।

কাকতত আহে বানপানী বিষয়ে লিখা অথবা প্রিয় সাহিত্যিকৰ বিষয়ে লিখা।

দেউতাই খঙতে কয় পঢ়িলে পঢ় অথবা বিয়া পাতি সংসাৰ কৰ।

প্ৰেমিকাই কয় বিশ্বাস কৰিলে কৰিবি নকৰিলে নাই
অথবা মোকেই এৰি গুচি যোৱা ভাই!

শিক্ষকে কয় দহখন জিলাৰ নাম লিখি আনিবি
অথবা দহবিধ বাকলি নথকা মাছৰ নাম!
ডাক্তৰে কয় দৰৱখিনি ভাল
অথবা বন দৰবো খাব পাৰে
মুঠতে সকলোতেই অথবা।


অথবাই জীৱন দিয়ে
অথবাই পৰীক্ষাত নম্বৰ বঢ়াই
অথবাই জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়।
অথবা কেৱল এটা অব্যয় নহয়
ই জীৱনৰ লগত জড়িত এক আংশিক পৰিক্ৰমা!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)