জীৱন এক ৰঙ্গমঞ্চ-ছেলিমা বেগম

এই বিশাল ধৰণীখন এখন মঞ্চ, 
আমি মঞ্চত অভিনয় কৰি আছোঁ।
এইখন ধৰাৰ বুকুত কত -ই যে জন্ম লৈছে 
কত -ই যে মানুহৰ মৃত্যু হৈছে।
আহিছে মানুহ গৈছে মানুহ 
মাজৰ সময়খিনি মাথোঁ 
এখন নাটঘৰত অভিনয় কৰিছে।
কি যে মায়াভৰা পৃথিৱীখন!
মায়াভৰা পৃথিৱীখন এদিন অগা-পিছা কৰি 
সকলোৱে এৰিব লাগিব 
মহাকৰ্ষণৰ  নীতি অনুশীলন কৰি ৷
এই নাটঘৰৰ মঞ্চখন 
কেতিয়াও খালীহৈ নাথাকিব 
নিজৰ নিজৰ নাটক চলি থাকিব; 
আমি মাথোঁ ভাৱৰীয়া জীৱনৰ নাট কৰি থাকোঁ। এজন গুচি গ'লেও 
আৰু এজন নতুনকৈ আলহী আহি জন্ম লৈ নাটকখন চলাই নিয়ে।
কি যে ধৰিত্ৰীৰ নিয়ম! 
যাক কোনেও সলনি কৰিব নোৱাৰে।
তুমি,মই নাথাকিলেও চন্দ্ৰ, সূৰ্য 
একেখন কক্ষপথত ঘূৰিব, 
বায়ু,পানী বিচৰণ কৰি থাকিব।
আমি মাথোঁ নাটঘৰ এৰি যাম।

◾ছেলিমা বেগম 
জিলা নগাঁও
ডাকঘৰ বলিকটীয়া

Post a Comment

Previous Post Next Post