বন্ধুত্ব-নৱজিৎ নাথ

Rinku Rajowar
0
এখন ধুনীয়া হৃদয়                   
      এটি মিচিকিয়া হাঁহি,
        এটি মিঠা অনুভৱৰ 
     বিশ্বাস আৰু সম্পৰ্ক একমাত্ৰ
   মৰমৰ বান্ধোন হ'ল
                          বন্ধুত্ব ৷।

কেতিয়াবা কাজিয়া,      
   আন কেতিয়াবা উল্লাস, 
কেতিয়াবা দুচকুত চকুপানীৰ সোঁত, 
 কেতিয়াবা চন্দ্ৰময় হাঁহি।।

এটি সৰু মূহুৰ্তত      
     কিঞ্চিৎ মাত্ৰ সুখ ,           
 এক হাঁহি ভৰা আনন্দৰ এখন 
ৰঙীন পৃথিৱীৰ চানেকি।।          

যত, 
জীৱনৰ নাথাকে কোনো বিষাদ, 
নাথাকে কোনো    
 ভয়- শংকা,
আছে মাথো জীৱনৰ সুখ দুখৰ ছাঁ।
এই পবিত্ৰ আৰু মধুৰ সম্পৰ্ক হ'ল বন্ধুত্ব।। 


◾নৱজিৎ নাথ,  
ছিপাঝাৰ,(দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)