জীৱন্ত প্ৰেমিক হোৱা বাসনা,
মন যায়নে কলিজাৰ ভাষাৰে
কাৰোবাক ভালপাওঁ বুলি ক'বলে ?
হয়তো হেৰোৱাই পেলালে
অমৱশ্যা ৰাতিত
কোমল জোনাকৰ পৰশ লোৱা হেঁপাহ ।
জাগেনে
হৃদয় খোদিত কৰি
মৰম নামৰ ফুল পাহ জীপাল কৰিবলৈ ।
হয়তো মৰুময় আপোনাৰ জীৱন,
আপোনাৰ হৃদয় ,
কণ্টকময় আপোনাৰ নিৰৰ্থক বাসনাবোৰ ।
তেন্তে অভিনয় কিয় কৰে
হাঁহি জিলিকাই সুখী হোৱাৰ ?
আচলতে জীয়াই থকাটোৱেই জানো জীৱন !
য'ত জীৱন্ত বাসনাবোৰ হত্যা কৰি
বিলাসীতা সপোন ৰচে ?
হাঃ হাঃ হাঃ
ধিক্কাৰ এনে জীৱন
ধিক্কাৰ ....ধিক্কাৰ....ধিক্কাৰ....
জাগেনে
জীয়াই থকা বাসনা ......