কথা কবিতা -ৰাহুল চেতিয়া

কি হ'ল হাজৰিকা,
আজিকালি দেখোন বৰ ৰোমান্টিক হৈ পৰিছ তই?
কাৰোবাৰ প্ৰেমৰ সাগৰত পালতৰা নাও মেলিছ চাগে?
 চাবি দেই নাও যিমানেই মাজ মজিয়ালৈ নিবি ,
 সিমানেই  সাগৰৰ গভীৰতাত উটি ভাঁহি থাকিবি !
 সাগৰৰ কোনো বিশ্বাস নাই !
 টুলুঙা নাও খনি বুৰ যোৱাবলৈ মাথোঁ এটি ক্ষুদ্র বিন্ধা হ'লেই হ'ল!
বঠাহীন নাৱৰ নাবিক নহ'বি তই 
প্ৰেম সাগৰত নাও মেলি
দিক্ বিদিক্ হেৰুৱাই 
মাজ সাগৰত খোপনি পুতি ৰৈ নাথাকিবি!
নহ'লে এদিন সাগৰৰ প্ৰৱল ঢৌৱে কেতিয়া
 পাকঘুৰণিত পেলাইগৈ গমেই নাপাবি ;
সাগৰে সদায় সোঁত সলায়,
সোঁতৰ বিপৰীতে নাযাবি তই!
নহ'লে জল দেৱীৰ বুকুত বিলীন হৈ যাবি
ততেই ধৰিব নোৱাৰিবি !
মাজে মাজে নাওখনি পাৰতো বান্ধিবিহি!
স্তব্ধ হ'বলৈ নিদিবি তোৰ বৰ্ণিল যাত্ৰা...
সপোনৰ পিছে পিছে পম খেদি কিমান দৌৰি ফুৰিবি ...
সপোন বোৰো দেখোন সপোন হৈয়ে ৰ'বগে ?
অভিমান বোৰ গোট বান্ধি শিল হ'বলৈ নিদিবি
 সাগৰৰ বুকুত উজাৰি দিবি তোৰ সমস্ত ভালপোৱা!
ভালপোৱাৰ সংজ্ঞা বিচাৰি নুফুৰিবি প্ৰেমৰ সাগৰত...
নাম বিহীন এজাক প্ৰেমৰ বৰষুণত তিতি 
স্বৰ্গানুভূতিত বিলীন হৈ নাযাবি তই
সাগৰে নিতৌ ন ন নাৱিকক আঁকোৱালি লয় নতুন ৰূপত ?
এনেকৈয়ে চাগে সাগৰেও নিজৰ সপোন বোৰ সামৰি সুখী হয় প্ৰতিপল...

✍️ৰাহুল চেতিয়া
নিলখপূৰ,চিলাপথাৰ , ধেমাজি

Post a Comment

Previous Post Next Post