অন্ত:দৰ্শন-লিছাপৰ্ণা শইকীয়া

কেতিয়াবা অকলশৰীয়াকৈও সময় কটাব লাগে, নিজক সময় দিব লাগে। অন্ততঃ দিনটোৰ অৱসাদবোৰৰ অন্তত উজাৰি অহা হুমুনিয়াহটিৰ লগত উলাই অহা অনিহাখিনি লোকচক্ষুৰ প্ৰত্যক্ষ নহয়। সুবিধাবাদীৰ অভাৱ আজিৰ দিনত ক'ত দেখিছে? প্ৰায় সংখ্যকেই যেন আপোনাৰ দুৰ্বলতাক আঘাত কৰাৰ মানসত উঠি পৰি লাগি থাকে। প্ৰতিযোগিতাৰ যুগত আপোন শব্দটি যেন সপোনতে সীমাবদ্ধ। সেয়ে নিজক সময় দিয়ক, দহে আপোনাৰ বিৰুদ্ধে থিয় দিলেও নিজক নিজৰ শক্তি কৰি ৰাখক। দুৰ্বল কোনো নহয়, মাথোঁ সকলোৱেই এটি সহাঁৰি বিচাৰি সেইখিনিতেই ভুলৰ বশৱৰ্তী হয়। এটি বিশ্বাসৰ উৎস বিচাৰে, যাৰ কান্ধত মূৰটো থৈ পাহৰি যাব দিনটোৰ সকলো বিষাদ আৰু শেষত মৰমৰ ভাষাবোৰ যেতিয়া লাহে লাহে আঁতৰি যায়, নিজকে অকলশৰীয়া বোধ কৰে। নাভাবিবচোন তেনেকৈ!!‌ নিজেই নিজৰ লগৰী হওঁক, চাব সুখবোৰ নিজৰ মাজতেই বিচাৰি পাব। নিজক সুখী ৰাখক, বাকী পৰিস্থিতিৰ লগত যুঁজিব পৰাকৈ আপোনাৰ শৰীৰ, মন আপোনা-আপোনি গঢ় লৈ উঠিব এটি সুস্থ পৰিৱেশত। বিশ্বাস কৰক শেষলৈকে কোনো নাথাকে। গতিকে এটি সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰক নিজৰ সৈতে। তেতিয়া দেখিব, অবিশ্বাস, দুখ, হতাশাৰ ঠাইয়েই বা ক'ত?

◾ লিছাপৰ্ণা শইকীয়া
জিলা:গোলাঘাট
শিক্ষা:- দ্বিতীয় বাৰ্ষিক বিজ্ঞান শাখা
মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়

Post a Comment

Previous Post Next Post